তিতাবৰৰ মুক্তিনগৰ পথৰ শৈলবান্ধ নিৰ্মাণ; কি ক’লে বেকাজান পঞ্চায়তৰ সভানেত্ৰীয়ে ?
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ তিতাবৰ উন্নয়ন খণ্ডৰ ৮৯ নং বেকাজান গাঁও পঞ্চায়তৰ মুক্তিনগৰ ৪ নং ব্লক গাঁৱৰ খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ হৈ থকা শৈলবান্ধত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল। কালি স্থানীয় ৰাইজে এক হূলস্থূলীয়া পৰিবেশ সৃষ্টি কৰাৰ পিছতে নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰিছিল।
ঘটনাৰ সন্দৰ্ভত আজি ‘নিয়মীয়া বাৰ্তা’ৰ আগত বেকাজান পঞ্চায়তৰ সভানেত্ৰী বহাগী ৰেগন টাকুয়ে কয় যে – ২০১৮-১৯ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বাৰা আৱণ্টিত ৯ লাখ ৮০ হাজাৰ টকাৰে মুক্তিনগৰ গাঁৱৰ উক্ত শৈলবান্ধটো নিৰ্মীত হৈ আছে। স্থানীয় ৰাইজৰ দ্বাৰা গঠিত এখন নিৰ্মাণ সমিতিয়ে উক্ত কামটোৰ সকলো পৰিচালনা কৰি আছে। গাঁও পঞ্চায়তসমূহৰ প্ৰতিটো উন্নয়ণমূলক আঁচনিৰ এখন নিৰ্মাণ সমিতি থাকে। চৰকাৰৰ নিৰ্দেশ অনুসৰি এই নিৰ্মাণ সমিতিৰ একোটাকৈ বেংক একাউণ্ট থাকে। আঁচনি ৰূপায়ণ হ’ব লগা গাঁৱৰ স্থানীয় ৰাইজে এই সমিতিখন গঠন কৰি এজন সভাপতি নিৰ্বাচন কৰে। নিৰ্মাণ সমিতিখনৰ তত্বাৱধানত ৰূপায়ণ হৈ থকা কামৰ অগ্ৰগতি অনুসৰি কেতিয়া কি পৰিমাণৰ ধন বিভিন্ন সামগ্ৰী কিনাৰ বাবদ বা শ্ৰমিকৰ মজুৰিৰ বাবদ খৰচ কৰিব সেইটো গোটেই সমিতিৰ পৰামৰ্শ অনুসৰি সমিতিখনৰ সভাপতিয়ে কৰিব। গাঁও পঞ্চায়তৰ সভাপতিয়ে নহয়।
গাঁও পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীয়ে মাত্ৰ উক্ত সমিতিখনৰ বেংক একাউণ্টলৈহে পুঁজি হস্তান্তৰ কৰে। গতিকে মুক্তিনগৰৰ শৈলবান্ধ নিৰ্মাণত পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীয়ে লুণ্ঠন চলালে বুলি একাংশই তোলা অভিযোগ বিবেচনাৰ যোগ্য। ৰাইজৰ সিদ্ধান্ত মৰ্মেই নিৰ্মাণ সমিতিখনৰ এজনক সভাপতিৰ দায়িত্ব দিয়া হৈছিল। উক্ত সমিতিখন ভুৱা কেতিয়াবা নহয় বুলি প্ৰকাশ কৰে সভানেত্ৰীগৰাকীয়ে। উল্লেখ্য যে বুধবাবে বেকাজান পঞ্চায়তৰ অন্তৰ্গত মুক্তিনগৰ গাঁৱত উক্ত শৈলবান্ধটোৰ নিৰ্মানক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত তীব্ৰ হূলস্থূলীয়া পৰিবেশ সৃষ্টি হোৱাৰ পিছতে আজি গাঁওখনত উপস্থিত হয় বহাগী ৰেগন টাকু। সভানেত্ৰীগৰাকীয়ে স্থানীয় ৰাইজ আৰু নিৰ্মাণ সমিতিখনৰ সৈতে এক আলোচনাত মিলিত হয়। ৰাইজৰ দাবী অনুসৰি বৰ্তমানৰ নিৰ্মাণ সমিতিখন কিছু সালসলনি কৰি বন্ধ হৈ থকা কাম শুক্ৰবাৰৰ পৰা পুণৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।