তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ পৰা হেণ্ডকাফ সহ চোৰৰ পলায়ন
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ পৰা আজি হেণ্ডকাফ সহ এটা চোৰে পলায়ন কৰে। আৰক্ষী-উকীল আৰু সাধাৰণ ৰাইজে গীজগিজাই থকা আদালতৰ চৌহদত দিন দুপৰতে আৰক্ষীৰ বেহুৰ পৰা এটা চোৰে এনেদৰে পলায়ন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে যোৱা ২ ছেপ্টেম্বৰৰ দিনা তিতাবৰৰ ফুৱেল ষ্টেচন নামৰ পেট্ৰ’ল পাম্পটোৰ পৰা কিৰণ নায়ক নামৰ যুৱকজনে এখন ডাম্পাৰত তেল ভৰাবলৈ আহি পাম্পটোৰ ভিতৰৰ পৰা এটা মোবাইল ফোন চোৰ কৰি নিয়ে। পাম্পটোৰ গৰাকীয়ে চি চি কেমেৰাত দেখা পাই ডাম্পাৰখনৰ গৰাকীৰ লগত যোগাযোগ কৰাত কালি ডাম্পাৰখনৰ গৰাকীয়ে কিৰণ নায়কক তিতাবৰৰ আৰক্ষীক চমজাই দিয়ে।
গোলাঘাট জিলাৰ ঘিলাধাৰীৰ উষা গৰঙা তিনি আলিৰ উমা নায়কৰ পুত্ৰ কিৰণ নায়ক নামৰ চোৰটোক আজি তিতাবৰৰ আৰক্ষীয়ে জেললৈ প্ৰেৰণৰ উদ্দেশ্য তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰিব নিয়ে। আদালতৰ দুৱাৰ মুখত আৰক্ষীৰ লগত বহি থকা অৱস্থাত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ আৰক্ষী উকীল আৰু ৰাইজৰ মাজৰ পৰা হেণ্ডকাফ সহ চুৰটো পলায়ন কৰে। হেণ্ডকাফ সহ চোৰ পলায়ন কৰাত আদালতৰ চৌহদত হুৱাদুৱা লাগে । লগে লগে তিতাবৰৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বেৰি অভিযান চলাই আছে যদিও চোৰটোক উলিয়াবলৈ সক্ষম হোৱা নাই। স্থানীয় লোকে জানিব দিয়া মতে আদালতৰ কাষত থকা জংঘলৰ সুযোগ লৈ হয়তো চোৰটোৱে জংঘলৰ মাজেৰে পলায়ন কৰিছে। ঘটনাক লৈ তিতাবৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
তিতাবৰৰ পৰা প্ৰণৱজ্যোতি কলিতা ৰিপৰ্ট