নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত বিশ্ব এইডছ দিৱস উপলক্ষে সজাগতা ৰেলী

সজাগতা সৃষ্টিৰ জৰিয়তে এইডছ মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে সন্মিলিত প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জিলা উপায়ুক্ত নৰসিং পৱাৰৰ।

নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: তিনিচুকীয়া জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ চছাইটিৰ উদ্যোগত তথা তিনিচুকীয়া জিলা আইন সেৱা প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী, একত্ৰিত পৰামৰ্শ আৰু পৰীক্ষা কেন্দ্ৰসমূহ, এইডচ ৰোগ নিয়ন্ত্ৰণৰ সৈতে জড়িত তিনিচুকীয়া জিলাৰ স্বেচ্ছাসেৱী সংগঠনৰ লগতে তিনিচুকীয়া মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট তথা ৰেড ৰিবন ক্লাৱৰ সহযোগিতাত তিনিচুকীয়া মহাবিদ্যালয়ৰ সভাকক্ষত বিশ্ব এইডছ দিৱস কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয়। বিশ্ব এইডছ দিৱস উপলক্ষে অনুষ্ঠিত আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰ। আলোচনাচক্ৰত আদৰণি ভাষণ আগবঢ়ায় তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডাঃ গৌৰী শংকৰ গগৈয়ে। যুতীয়া সঞ্চালকগৰাকীয়ে বিশ্ব এইডছ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰাৰ লগতে এইডছ আক্ৰান্তসকলৰ প্ৰতি সহমৰ্মিতা ৰখাৰ লগতে বৈষম্যমূলক মনোভাৱ নাৰাখিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, এই বৰ্ষৰ বিশ্ব এইডছ দিৱসৰ থীম হৈছে সমতুল্য ব্যৱহাৰ। অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) দিপু কুমাৰ ডেকাই আলোচনাচক্ৰত উপস্থিত সকলোকে এইডছ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে তথা এইডছ আক্ৰান্তসকলৰ প্ৰতি কোনো ধৰণৰ বৈষম্যমূলক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়। এইডছ আক্ৰান্তসকলো যাতে সমাজত সাধাৰণ জীৱন যাপন কৰিব পাৰে তাৰ বাবে সমাজৰ সকলো শ্ৰেণীকে সহযোগিতা আগবঢ়াবলৈ কয়। জিলা উপায়ুক্ত নৰসিং পৱাৰে এইডছ আক্ৰান্তসকলক সমাজত সমতা প্ৰদানৰ লগতে মৰ্যাদাৰে জীৱন যাপনৰ পৰিবেশ সৃষ্টিৰ বাবে আহ্বান জনায়। এইডছ সন্দৰ্ভত সজাগতাৰ লগতে প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰতো গুৰুত্ব দিয়াৰ পৰামৰ্শ আগবঢ়ায়। নৱপ্ৰজন্মৰ লগতে যৌনকৰ্মীসকলৰ মাজত এইডছ সম্পৰ্কে সজাগতা সৃষ্টিৰ অতিশয় জৰুৰী বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে। জিলা উপায়ুক্ত পৱাৰে এইডছ মুক্ত সমাজ গঢ়াৰ বাবে সকলোকে সন্মিলিতভাবে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, আলোচনাচক্ৰৰ পূৰ্বে তিনিচুকীয়া জিলা স্বাস্থ্য সমিতি আৰু অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ চছাইটিৰ উদ্যোগত এক সজাগতামূলক ৰেলীও অনুষ্ঠিত কৰা হয়। আজিৰ আলোচনাচক্ৰত স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল তথা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।

প্ৰেৰক:- বিবেক বড়া

You might also like