তিনিচুকীয়া আৰক্ষীৰ তিনিখন চুৰি মটৰচাইকেল সহ আটক ৩
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ তিনিচুকীয়াত সঘনাই মটৰচাইকেল চুৰিৰ ঘটনা বৃদ্ধি পোৱাৰ মাজতে তিনিচুকীয়া আৰক্ষীয়ে বৃহস্পতিবাৰে মটৰচাইকেল চুৰৰ বিৰুদ্ধে এক বিশেষ অভিযান চলাই ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ চহৰ পৰিদৰ্শক ভাস্কৰ ৰাজবৰুৱা আৰু ন-পুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডেইজী নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দ’লে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত অভিযান চলাই তিনিখনকৈ চুৰি মটৰচাইকেলসহ তিনি চুৰক আটক কৰে ৷ ধৃৃত তিনি ক্ৰমে তিনিচুকীয়া ন-পুখুৰীৰ প্ৰদীপ নমোচুদ্ৰৰ পুত্ৰ হিৰেণ নমোচুদ্ৰ, নগাঁৱৰ সুদাংশু দেৱনাথৰ পুত্ৰ দেৱাশিস দেৱনাথ আৰু মহাদেৱপুৰৰ টংকেশ্বৰ ফুকনৰ পুত্ৰ উত্তম ফুকন(২৫) ৷ দুই আৰক্ষী বিষয়া ক্ৰমে ভাস্কৰ ৰাজবৰুৱা আৰু ডেইজী নাথে জানিব দিয়া অনুসৰি, কিছুদিনৰ পূৰ্বে তিনিচুকীয়াৰ পৰা মটৰচাইকেল কেইখন চুৰি হোৱাৰ সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষী থানা আৰু ন-পুখুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি ন-পুখুৰীৰ পৰা এজনক আটক কৰে আৰু সেই আটকাধীনৰ ভাষ্য অনুসৰি বৃহস্পতিবাৰে অৰুণাচলৰ মহাদেৱপুৰত অভিযান চলাই চুৰি মটৰচাইকেলকেইখন উদ্ধাৰ কৰাৰ লগতে আন দুজনক আটক কৰি তিনিচুকীয়া আৰক্ষী থানালৈ লৈ আহে ৷ তিনিচুকীয়া আৰক্ষীৰ এই সফল অভিযানক তিনিচুকীয়াবাসীয়ে একেমুখে প্ৰশংসা কৰাৰ লগতে এনেদৰেই অনাগত দিনতো চুৰিকাণ্ডৰ লগতে অনৈতিক কায্যত লিপ্ত হোৱা দুৰ্বিত্বৰ বিৰুদ্ধে অভিযান চলাই যাবলৈ আহ্বান জনাইছে ৷