তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত নগা দুর্বৃত্তৰ বেদখল
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ অসম–নাগালেণ্ড সীমান্তৱর্তী অসমৰ ভূমিত নগাৰ বেদখল কোনো নতুন কথা নহয়৷ এহবাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তর্গত তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ মাটিত ব্যাপক বেদখল আৰম্ভ কৰিছে৷ তিৰু হিলছ সংৰক্ষিত বনাঞ্চলত শেহতীয়াকৈ একাংশ নগা লোকে শ শ হেক্টৰ বনভূমি ধ্বংস কৰি বৃহৎ বৃহৎ ৰবৰ আৰু চাহ বাগান স্থাপন কৰিছে৷ ৰণখামত অৱস্থিত অসম আৰক্ষীৰ সীমান্ত নিৰীক্ষণ শিবিৰৰ পৰা কিছু নিলগৰ তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ অৱশিষ্ট বন ভূমিত অতি সংগোপনে এহ আগ্রাসন চলাহছে৷ এহ সন্দর্ভত জানিব পৰা মতে, নগা লোকে সংৰক্ষিত বনাঞ্চলখনৰ সেউজ বন ভূমি ধ্বংস কৰি ৰোপণ কৰিছে চাহ আৰু ৰবৰৰ পুলি৷ হয়াৰ বাবে দুমাহমান পূর্বে উক্ত স্থানত অগ্ণিসংযোগ কৰিছিল৷ অগ্ণিসংযোগৰ ফলত এক বিস্তীর্ণ অঞ্চল মুকলি হৈ পৰিছিল৷
শেহতীয়াকৈ মুকলি হৈ পৰা উক্ত স্থানতে নগা লোকে এহ চাহ আৰু ৰবৰৰ পুলি ৰোপণ কৰে৷ খেতি চাবৰ বাবে সেহ স্থানত একাধিক টঙীঘৰো নির্মাণ কৰিছিল৷ অসমৰ সংৰক্ষিত বনাঞ্চলখনত নগাহ শেহতীয়াকৈ আৰম্ভ কৰা বেদখল সন্দর্ভত সদৌ তাহ আহোম ছাত্র সন্থা, চমুকৈ আটাছুৰ যোৰহাট জিলা সমিতি আৰু চেলেং আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাহজে যোৰহাট জিলা প্রশাসন আৰু বন বিভাগক অৱগত কৰা হৈছিল যদিও প্রথমাৱস্থাত কোনো গুৰুত্ব প্রদান কৰা নাছিল৷ কিন্তু বাৰম্বাৰ দাবীৰ পৰিপ্রেক্ষিতত আজি কিছু উচ্ছেদ কৰে৷ আজি মৰিয়নি আৰক্ষীৰ চক্র পৰিদর্শক দণ্ডীৰাম বৰাৰ নেতৃত্বত যোৱা অসম আৰক্ষী আৰু মৰঙীয়াল খণ্ড বন বিষয়া ৰফিকুল হুছেহনসহ বন বিভাগৰ এটা দলে বেদখল চলোৱা স্থানত উপস্থিত হৈ চাহ আৰু ৰবৰৰ বাগানৰ কিছু অংশ উচ্ছেদ কৰাৰ লগতে এটা টঙীঘৰো উচ্ছেদ কৰে৷ অৱশ্যে আৰক্ষী আৰু বন বিভাগৰ দলটোৱে এজনো নগা বেদখলকাৰীক আটক কৰিবলৈ সক্ষম নহ’ল৷ ইফালে যোৰহাট জিলা আটাছুৰ সম্পাদক মণ্টু ফুকনে এহক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি কয় যে তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ অৱশিষ্ট বনভূমিত নগাহ চলোৱা বেদখল সম্পূর্ণৰূপে উচ্ছেদ কৰিব লাগিব৷ অন্যথা সংগঠটোৱে কঠোৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলিও স্পষ্ট কৰি দিয়ে৷