তীব্ৰতৰ হৈছে বিপিএফ-বিজেপিৰ নিৰ্বাচনী যুঁজ
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ অনিশ্চিয়টাত বিটিচি পৰিষদীয় নিৰ্বাচন।পুৰ্বে নিৰ্বাচনী বিধি বলবৎ কৰিও মহামাৰী কৰ’না ভাইৰাচৰ পৰিপ্ৰেক্ষিত নিৰ্বাচন স্থহিত ৰাখিবলৈ বাধ্য হৈছে।বৰ্তমানেও ৰাজ্যত দ্ৰুত গতিত সংক্ৰমন বৃদ্ধি পাই আহিছে।যাৰ বাবে নিৰ্বাচন কেতিয়াকৈ অনুষ্ঠিত হ’ব সেয়া অনিশ্চিয়টাত।তৎস্বত্বেও নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থী সকলে।ইতিমধ্যে বাগসাৰ ২৯ নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্ঠিটোত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুজখন।সমষ্টিটোত বিপিএফে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে ৰাজ্যৰ শাসনাধিষ্ট দল বিজেপিয়ে সমাজকৰ্মী ৰনেন্দ্ৰ নাৰ্জাৰীক আৰু সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিয়ে মুনিন ডেকাৰ উপৰিও প্ৰাক্তন এৱছু নেতা প্ৰমোদ বড়ো নেতৃত্বাধিন ইউপিপিএল দলে প্ৰদীপ বড়োক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।উল্লেখ্য যে সমষ্ঠিটোৰ পৰা একেৰাহে বিপিএফ দলৰ প্ৰাৰ্থীথ্ব লাভ কৰি পৰিষদলৈ নিৰ্বাচিত হোৱা গনেশ কছাৰীৰ পৰা আসনখন কাঢ়ি আনিবলৈ তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে।সমষ্ঠিটোৰ ৰাজনৈতিক মহলত চৰ্চিত হোৱা মৰ্মে ইউপিপিএল দলৰ প্ৰাৰ্থী গৰাকী সমষ্টিবাসীৰ বাবে অচিনাকী মুখৰ হোৱাৰ উপৰিও দলৰ প্ৰচাৰ কাৰ্যই বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।আনহাতে গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মুনিন ডেকাই কিছু সংখ্যক অনাবড়ো গাঁৱত প্ৰৱেশ কৰি নিৰ্বাচনী কুছকাৱাজ অব্যাহত ৰাখিছে যদিও ভোটাৰৰ মন জয় কৰাৰ ইছ্যু লবলৈ সক্ষম নোহোৱা বুলি জানিব পৰা গৈছে।ইফালে সমষ্ঠিটোত বিজেপি দলৰ বিশেষ প্ৰভাৱ নাছিল যদিও কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিত লকডাউন দিয়াৰ লগতে নিৰ্বাচন স্থগিত হোৱাত গেৰুৱা দলটোৰ উত্থান দিনক দিনে বৃদ্ধি পাই অহাৰ উপৰিও দলটোৰ প্ৰাৰ্থী ৰনেন্দ্ৰ নাৰ্জাৰী সমষ্ঠিটোৰ এজন চিনাকী মুখৰ নেতা।ফলত বিজেপিৰ উত্থানে শংকিত কৰি তুলিছে বিটিচি পৰিষদ একেৰাহে তিনিবাৰকৈ দখল কৰিবলৈ সক্ষম হোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধিন বিপিএফ দলৰ লগতে প্ৰাক্তন ই এম তথা প্ৰাৰ্থী গনেশ কছাৰীক।ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ মতে বিপিএফৰ প্ৰাৰ্থী গনেশ কছাৰীয়ে পৰাজয়ৰ শংকাত বিপিএফ দলটোৱে গেৰুৱা দলটোৰ লগত সংঘাটতো লিপ্ত হৈ পৰা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে সমষ্ঠিটোত এতিয়া প্ৰতিটো পথৰ দাতিৰ লগতে বহু লোকসকলৰ পদুলি মুখত সম্প্ৰতি বিপিএফ আৰু বিজেপিৰ দলীয় পতাকাৰ ৰাজনীতি আৰম্ভ হৈছে।উক্ত পতাকাৰ ৰাজনীতিৰ বাবে দুয়োটা দলৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে মুকলি সংঘাটো।আনকি সংঘাটে অৱশেষত আৰক্ষী থানা পৰ্যন্ত পোৱা বুলি জানিব পৰা গৈছে।উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ পিছতো অনগ্ৰসৰ অঞ্চলটোলৈ আমুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল প্ৰাক্তন বড়ো বিদ্ৰোহী নেতা তথা বিপিএফৰ ই এম গনেশ কছাৰীয়ে।সমষ্ঠিটোৰ প্ৰতিটো জৰাজীৰ্ণ বাট-পথ তথা নৈ-জান জুৰিৰ ওপৰত দলঙ তথা কালভাৰ্ট নিৰ্মাণ কৰি উন্নয়ণৰধাৰা অব্যাহত ৰাখিছে যদিও বিপিএফ দলটোৰ একাংশ নেতাৰ কৰ্ম-কাৰ্যই বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ জনপ্ৰিয়টাত কিছু পৰিমানে আঘাট পেলোৱাৰ চৰ্চা চলিছে ৰাজনৈতিক মহলত।সেয়া যিয়ে নহওক সমষ্ঠিটোত সমাগত নিৰ্বাচনটোত যে বিপিএফ আৰু বিজেপিৰ মাজতেই যে মুল যুজখন হ’ব সেয়া স্পষ্ট হৈ পৰিছে।