নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত অগপ কর্মীয়ে জ্বলালে দলীয় পতাকা, বেনাৰ, পোষ্টাৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: তেজপুৰ অগপ কার্যালয় আজি দলৰ কর্মীসকলে কেন্দ্রীয় নেতৃত্বৰ বিৰুদ্ধে দিলে মুর্দাবাদ ধ্বনি৷ ১৯৮৫ৰে পৰা বুকুত সাবটি ধৰি থকা অগপৰ পতাকা–পোষ্টাৰ অৱশেষত জাপি দিলে জুইত৷ উল্লেখ্য যে অসম গণ পৰিষদৰ তেজপুৰস্থিত জিলা কার্যালয়ত আজি দলটোৰ কর্মীসকলে দলীয় পতাকা, বেনাৰ, পোষ্টাৰ আৰু সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তৰ ফটো জ্বলাই ক্ষোভৰ বহিঃপ্রকাশ ঘটায়৷ পাঁচবাৰকৈ তেজপুৰৰ পৰা নির্বাচনত বিজয়ী হোৱা দলটোৰ অন্যতম প্রতিষ্ঠাপক তথা প্রাক্তন সভাপতিজনক এইবাৰ দলীয় প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ ক্ষোভতে অগপ কর্মীসকলে এই কার্য সংঘটিত কৰে৷ আনকি অগপ দলৰ ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্তত উত্তেজিত হৈ পৰা তেজপুৰৰ অগপ কর্মীসকলে বিধায়ক গোস্বামীক এইবাৰ তেজপুৰত নির্দলীয় প্রার্থী হিচাপে প্রক্ষেপ কৰাৰো হুংকাৰ দিয়ে৷ আজি দিনৰ প্রায় ৩ বজাত তেজপুৰৰ অগপ কার্যালয়ত গোট খোৱা অগপ কর্মীসকলে বিধায়ক গোস্বামীয়ে প্রার্থিত্ব লাভ নকৰে বুলি নিশ্চিত হোৱাৰ পাছতে উত্তেজিত হৈ পৰে আৰু অতুল বৰা মুর্দাবাদ, অতুল বৰা হায় হায়, বৃন্দাবন গোস্বামী জিন্দাবাদ আদি ধ্বনি দিয়ে৷ কার্যালয়ৰ সন্মুখত দলটোৰ নথি–পত্র, পতাকা, বেনাৰ, পোষ্টাৰ আদি ফালি অগ্ণিসংযোগ কৰে৷ অগপৰ ক্ষুব্ধ কর্মীসকলে আনকি অতুল বৰাহঁতৰ দৰে নেতাৰ বাবেই আমবাৰীৰ অগপ কার্যালয়টো বিবাহ ভৱনত পৰিণত হোৱাৰ ভৱিষ্যদ্বাণীও বাস্তৱ হ’ব বুলি কয়৷ দলটোত গভীৰ ষডযন্ত্রৰ বলি হোৱা অগপৰ প্রবীণ নেতাজনক নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেও অতুল বৰাই দলীয় প্রার্থিত্ব নদিয়া বুলি অভিযোগ কৰি তেজপুৰত গোস্বামীৰ বাহিৰে আন কোনো প্রার্থী মানি লোৱা নহয় বুলি মন্তব্য কৰে ক্ষোভত ফাটি পৰা অগপ কর্মীসকলে৷

You might also like