তেজপুৰত মগজুৰ জটিল অস্ত্রোপচাৰ অসমীয়া চিকিৎসকৰ
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ এটি ডেৰবছৰীয়া শিশুৰ মগজুৰ জটিল অস্ত্রোপচাৰ সম্পন্ন কৰি জীৱন দান অসমীয়া চিকিৎসকৰ৷ তেজপুৰৰ দৰে চিকিৎসা ক্ষেত্রৰ সীমিত সা–সুবিধা উপলব্ধ ঠাইত কণমানি শিশুৰ জটিল অস্ত্রোপচাৰ সম্পন্ন হ’ল টাইম হাস্পতালত৷ এই খবৰে আশাৰ সঞ্চাৰ কৰিছে ডত্তৰপৰীয়া ৰাইজৰ মাজত৷
উল্লেখ্য যে শোণিতপুৰৰ লখৰাস্থিত ১৭নং অসম ৰাইফলছৰ ছাডনীত কর্মৰত প্রমোদ কুমাৰৰ ডেৰ বছৰীয়া পুত্র অক্ষিত কুমাৰ যোৱা ১৪ জানুৱাৰীৰ নিশা ১১বজাত অসুস্থ হৈবমি কৰিবলৈ ধৰে৷ পুৱাৰ ভাগলৈ একপ্রকাৰে অচেতন হৈ পৰা শিশুটিক লৰালৰিকৈ তেজপুৰস্থিত টাইম হাস্পতালত আনি স্বাস্থ্য পৰীক্ষা ব্রেইন চিটি স্কেন কৰোৱাত শিশুটি মস্তিষ্কত পানী জমা হৈ ওলাব নোৱাৰা হাইড্র’ কেফেলাছ ৰোগত অর্থাৎ এক জটিল ৰোগত আক্রান্ত হোৱাটো ধৰা পৰে৷ উক্ত দিনা বিয়লি মস্তিষ্ক আৰু কশেৰুকাৰ শল্য চিকিৎসক ডাঃ মানস বৰাৰ নেতৃত্বত অস্ত্রোপচাৰ কৰি শিশুটিৰ মগজুত এডাল নলী স্থাপনেৰে মগজুৰ পানী পাকস্থলীলৈ বৈ যোৱাৰ ব্যৱস্থা কৰা হয়৷ শিশুটিৰ মগজুত জমা হোৱা পানীৰ চাপ ইমানেই অত্যধিক আছিল যে পানীখিনি বাহিৰলৈ ডলিয়াই দিলে কেইবা ফুট ওপৰলৈ ছিটিকি ওলালে হয়৷ ইয়াৰ পিছত বিগত দিনকেইটা চিকিৎসাধীন অৱস্থাত থকাৰ পিছত সম্প্রতি বিপদমুক্ত পর্যায়লৈ ঘূৰি অহাত শিশুটিক আজি হাস্পতালখনৰ পৰা অব্যাহতি দিয়া হয়৷ গুড়গাঁৱৰ ‘মেক্স’ আৰু ‘কলম্বিয়ান এছিয়া’ৰ দৰে আগশাৰীৰ চিকিৎসা প্রতিষ্ঠানত সুদীর্ঘ ১২ বছৰ ধৰি চিকিৎসা সেৱাৰ সৈতে জডিত ডাঃ মানস বৰাই সাংবাদিকৰ আগত এই সন্দর্ভত কয় যে সর্বসাধাৰণ লোকে যাতে এই হাইড্র’ কেফেলাছ ৰোগক অবজ্ঞা নকৰে৷
কেতিয়াবা কোনো ব্যক্তিয়ে বমি কৰি কৰি যদি প্রায় অচেতন হৈ পৰে তেন্তে তৎকালীনভাৱে অভিজ্ঞ চিকিৎসকৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাৰব্যৱস্থা কৰোৱা দৰকাৰ৷ আনহাতে, ঔষধ বিশেষজ্ঞতথা চিকিৎসালয়খনৰ সঞ্চালকমণ্ডলীৰ সদস্য ডাঃ ভৱানী ভূঞাই হাস্পতালখনত অত্যাধুনিক ব্যৱস্থাসহ ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াই অহাৰ কথা ডল্লেখ কৰাৰ লগতে শাৰীৰিকভাৱে অসুস্থ হৈবমি কৰাৰ পিছত যদি ৰোগীগৰাকীয়ে একপ্রকাৰ অচেতন হৈ পৰে, তেন্তে সাৱধান হোৱা ডচিত বুলি মন্তব্য কৰে৷