দখলাইত নৱ নিৰ্মিত পথ উদ্ধোধন বকোৰ বিধায়িকা নন্দিতা দাসৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল: কামৰূপ জিলাৰ বকোত আজি ৪৮ নং বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে এটি নৱ নিৰ্মিত গ্ৰাম্য পথ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। জানিব পৰা মতে ; বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত শিংৰা মাজপাৰা সংযোগী পথৰ দখলাই হৈ তাৰাবাৰীলৈ যোৱা পথটো অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা হয়। পথটো নিৰ্মাণ কৰা সমিতিৰ সভাপতি নিৰঞ্জন খাটনিয়াৰ আৰু সম্পাদক ধীৰেণ দাসে জনোৱা মতে ; পথটো আজি আনুষ্ঠানিক ভাৱে বিধায়িকা গৰাকীয়ে উদ্বোধন কৰা সময়ত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ বকো সংমণ্ডলৰ কাৰ্য্যবাহী বিষয়া জীতু শইকীয়া ; সহকাৰী অভিযন্তা শুভ্ৰজীৎ বৰা ; ৭১ নং পূব বেকেলী মণ্ডল কংগ্ৰেছৰ সভাপতি দ্বীপেন চন্দ্ৰ দাস ; ৭২ নং উত্তৰ বেকেলী মণ্ডল কংগ্ৰেছৰ সভাপতি সঞ্জয় ৰাভা ; সমাজ কৰ্মী মধুসুধন দাস ; তীৰ্থ কলিতা ; ঠিকাদাৰ মুস্তাফা আলীকে ধৰি বহু কেইজন বিশিষ্ট লোক। ইফালে ২ : ২ কিলোমিটাৰ পথটো নিৰ্মাণ হোৱাত ৰাইজৰ মাজত উৎসাহ উদ্দীপনাই বিৰাজ কৰে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।