দদৰাত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সুৰজিৎ একাডেমীৰ পুতলা নাচ প্ৰশিক্ষণ
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ অসমৰ লোক কলা সমুহৰ ওপৰত সুৰজিৎ একাডেমীয়ে বিভিন্ন পদক্ষেপ লৈ আহিছে। ইয়াৰ ভিতৰত ক্ৰমাগত ভাবে অসমৰ পৰা নিছিহ্ন: হৈ যাব বিচৰা পুতলা নাচ কলা বিধক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে অহৰহ চেষ্টা চলাই আহিছে । বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সমূহত পুতলা নাচৰ ওপৰত কৰ্মশালা আৰু পুতলা নাচ পৰিবেশন কৰি আহিছে। তাৰ লগতে বিজ্ঞান, গণিত আদি বিভিন্ন বিষয়ৰ পাঠ্যক্ৰমৰ অধ্যায় সমূহ পুতলা নাটৰ জৰিয়তে বিদ্যালয় সমূহত প্ৰশিক্ষণ প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত সুৰজিৎ একাডেমীয়ে যোৱা ১১ ডিচেম্বৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে এণ চি ই আৰ টি, চি চি আৰ টি আৰু এছ চি আৰ টি ৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ অধীনত আৰু প্ৰশিক্ষণত কামৰূপ জিলা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, দলিবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দদৰা শংকৰদেৱ শিশু নিকেতনৰপ ছাত্ৰ ছাত্ৰী সকলক পুতলা নাচৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাৰ বিষয় বস্তু আছিল “সৃষ্টিশীলতাৰ মাধ্যম হিচাপে পুতলা”। প্ৰশিক্ষণত ছাত্ৰ ছাত্ৰী সকলে পুতলা তৈয়াৰী আৰু সঞ্চালনৰ কৰি অভিভূত হৈ পৰে। কোনো দিনাই নেদেখা কলা এটাক নিজে সৃষ্টি কৰি জীৱন্ত ৰূপ দি আত্মহাৰা হৈ পৰে। বিদ্যালয় কেইখনৰ অধ্যক্ষ সকলে এনে প্ৰশিক্ষণ ভৱিষ্যতেও কৰাৰ বাবে বিনীতা দেৱীক অনুৰোধ জনায়। কিয়নো শিক্ষাৰ বাবে পুতলা নাচ অতি প্ৰয়োজনীয় কৌশল। কৰ্মশালাত বিনীতা দেৱীৰ সহায়কাৰী হিচাপে থাকে তেখেতৰ শিক্ষাৰ্থী গিতিমা দাস আৰু প্ৰণৱ জ্যোতি ৰাভা।