নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিব্যাংগ যুৱতীৰ গৃহত হিন্দু যুৱ–ছাত্র পৰিষদ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তর্গত বধাকৰাত এগৰাকী দিব্যাংগ যুৱতীক ধর্ষণ কৰা ঘটনাৰ প্রতিক্রিয়া এতিয়াও অব্যাহত আছে বগীনদীত৷ বৃহস্পতিবাৰে যৌন নির্যাতনৰ বলি হোৱা দিব্যাংগ যুৱতীগৰাকীৰ গৃহত লখিমপুৰ জিলা হিন্দু যুৱ ছাত্র পৰিষদৰ অধীনৰ উত্তৰ লখিমপুৰ আঞ্চলিক, বগীনদী আঞ্চলিক আৰু বধাকৰা আঞ্চলিকৰ এটা সঁজাতী দল উপস্থিত হয়৷

উত্তৰ লখিমপুৰ আঞ্চলিক হিন্দু যুৱ–ছাত্র পৰিষদৰ সভাপতি নৱজিত মুদৈ, বগীনদী আঞ্চলিক সমিতিৰ সভাপতি লিখক মহন্ত, সম্পাদক বিশ্ব বৰুৱা আৰু বধাকৰা আঞ্চলিক সমিতিৰ সভাপতি চন্দন শইকীয়াৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে ধর্ষণকাৰী দুলু আলীক প্রশাসনে আজিলৈকে আটক কৰিব নোৱৰাত প্রশাসনক তীব্র ধিক্কাৰ দিয়ে তথা এনে অপৰাধজনিত ঘটনা ৰোধ কৰাত প্রশাসন ব্যর্থ হোৱাৰ অভিযোগ তোলে৷ অতিশীঘ্রে দোষীক আটক কৰি ফাঁচি দিবলৈ দাবী জনায়৷

ইয়াৰ অন্যথা হিন্দু যুৱ–ছাত্র পৰিষদৰ ক্ষোভৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷ আনহাতে আজি বগীনদী আৰু বধাকৰা হিন্দু যুৱ–ছাত্র পৰিষদৰ আঞ্চলিক সমিতিয়ে অভিযুক্ত দুলু আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বগীনদী থানাত৷ উল্লেখ্য যে বধাকৰাৰ কুছিয়ামাৰী গাঁৱৰ দুলু আলী নামৰ লম্পট ব্যক্তিজনে একে গাঁৱৰে এগৰাকী দিব্যাংগ যুৱতীক ধর্ষণ কৰে৷

তিনিটা সন্তানৰ পিতৃ লম্পট ব্যক্তিজনে ৩০ মে’ৰ সন্ধিয়া ৬.৩০ বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ দিব্যাংগ যুৱতীগৰাকীক ধর্ষণ কৰিছিল৷ এই ঘটনাৰ বিষয়ে যুৱতীৰ পৰা জানিব পাৰি পৰিয়ালৰ লোকে বগীনদী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল৷ বগীনদী আৰক্ষীয়ে ৭৫/২২ ক্রমিক নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাত গোচৰ ৰুজু কৰি ধর্ষণকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে৷ বর্তমানলৈকে ধর্ষণকাৰীক বগীনদী আৰক্ষীয়ে আটক কৰিব পৰা নাই৷

You might also like