নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিৰাত বিপিএফৰ কার্যালয় লণ্ডভণ্ড, অগ্নিসংযোগ দলীয় কর্মীৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ  বিটিচিৰ ২৩নং দিহিৰা সমষ্টিত বিপিএফৰ ১৫খন প্রাথমিক সমিতিয়ে দলীয় নেতৃত্বৰ প্রতি তীব্র বিষোদগাৰ প্রকাশ কৰিছে৷ আসন্ন বিটিচি নির্বাচনত ২৩নং দিহিৰা সমষ্টিত বিপিএফৰ দলীয় প্রার্থী হিচাপে শনিবাৰে ৰাজেশ বৰাল (ৰাজু) নামৰ তৃণমূল কর্মী এজনক প্রার্থিত্ব দিয়াৰ বাবে তীব্র অসন্তুষ্টি প্রকাশ কৰে ১৫ খন প্রাথমিক সমিতিয়ে৷ বিপিএফ নেতা তথা প্রাক্তন এমচিএলএ মুনসিং ব্রহ্মক প্রার্থিত্বৰ পৰা বঞ্চিত কৰি কোনোধৰণৰ বিষয়বাবত নথকা ৰাজেশ   বৰালক দলীয় প্রার্থিত্ব দিয়াত জাঙুৰ খাই উঠিছে সমষ্টিটোৰ ১৫খন প্রাথমিক সমিতি৷  নাৰায়ণপুৰৰ বিপিএফ কার্যালয়ত ১৫খন প্রাথমিক সমিতিৰ নেতা–কর্মীয়ে একগোট হৈ ৰাজেশ বৰালৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ এই সম্পর্কে বিপিএফ নেতা যাদৱ দাসে কয় যে সমষ্টিটোত বহুদিনৰে পৰা নেতা–কর্মীসকলে মুনসিং ব্রহ্মকে প্রার্থিত্ব দিব বুলি আশা কৰিছিল৷ আনকি বাগ্সা জিলাৰ দায়িত্বত থকা মন্ত্রী প্রমীলাৰাণী ব্রহ্মকো এই কথা অৱগত কৰিছিল৷ মন্ত্রীগৰাকীয়ে ব্রহ্মকে প্রার্থিত্ব দিব বুলি আনুষ্ঠানিকভাৱে কৈছিল৷ কিন্তু তৃণমূল কর্মীৰ লগত কোনোধৰণৰ মতামত নোলোৱাকৈ হঠাৎ ৰাজেশ বৰালক দলীয় টিকট দিয়াৰ কথাটো সহজভাৱে ল’ব পৰা নাই দলীয় কর্মীসকলে৷ তেওঁৰ প্রার্থিত্ব অহা ২৪ ঘণ্টাৰ ভিতৰত প্রত্যাহাৰ কৰি জনপ্রিয় নেতা মুনসিং ব্রহ্মক দলীয় টিকট দিবলৈ হাইকমাণ্ডক দাবী জনায়৷ যদি ৰাজেশ বৰালৰ প্রার্থিত্ব প্রত্যাহাৰ নকৰে তেন্তে আগন্তুক নির্বাচনত বিপিএফৰ ১৫খন প্রাথমিক সমিতিয়ে ভোট বর্জন কৰাৰ লগতে সমূহীয়া পদত্যাগ কৰাৰ হুংকাৰ দিয়ে৷ আনহাতে সন্ধিয়াৰ ভাগত মুন সিং ব্রহ্মৰ প্রার্থিত্বৰ পৰা বঞ্চিত কৰাৰ ক্ষোভত একাংশ বিপিএফ কর্মীয়ে কার্যালয়টোৰ চকী, মেজ, আন সামগ্রীসমূহ লণ্ডভণ্ড কৰাৰ লগতে দলীয় পতাকাসহ ভগ্ণ আচবাবসমূহ জ্বলাই দিয়ে৷

You might also like