দুলীয়াজানত অইল চিকিৎসকসহ ৪ বছৰীয়া শিশু ক’ভিড আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ দুলীয়াজান অইল ইণ্ডিয়া হাস্পতালৰ ই এন টি বিভাগৰ এগৰাকী বিশেষজ্ঞৰ শৰীৰত পোৱা গৈছে ক’ভিড পজিটিভ । এই খৱৰ বিয়পি পৰাৰ মাত্ৰকেই চিকিৎসালয়খনত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।
প্ৰাপ্ত তথ্য অনুসৰি ডাঃ কে কে দাস নামৰ বিশেষজ্ঞগৰাকীয়ে যোৱা ১৮ জুনত নিজ বাহনেৰে গুৱাহাটীলৈ যাত্ৰা কৰি পুনৰ ২১ জুনত দুলীয়াজানলৈ ঘুৰি আহে । বিগত সময়চোৱাত চিকিৎসালয়খনত কৰ্তব্যৰত অৱস্হাত আছিল চিকিৎসক গৰাকী। সেই অনুসৰি বিভিন্ন ৰোগীক চোৱাচিতা কৰিছিল বুলিও জানিব পৰা গৈছে । সম্প্ৰতি এই সন্দৰ্ভত অইল ইণ্ডিয়া চিকিৎসালয়ৰ কৰ্তৃপক্ষই ক’ভিড পজিটিভ চিকিৎসকগৰাকীৰ শেহতীয়া সংস্পৰ্শলৈ অহা ৮৭ জনীয়া ব্যক্তিৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি জানিবলৈ দিছে।
আনহাতে একে সময়তে দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ সমীপৰ এটি ৪ বছৰীয়া শিশুৰ দেহতো ক’ভিডৰ উপস্হিতি ধৰা পৰিছে । বিহাৰৰ মুজাফাপুৰ পৰা অহা হৰ্ষ কুমাৰ শ্বাহা (৪) আৰু ৰাকেশ কুমাৰ শ্বাহা (৩১) হোম কোৱাৰেন্টাইন হৈ আছিল । সেইদৰে দুলীয়াজান অইল হাউছিং কলনিৰ আবাসী মমতা দেৱী বাল্মিকী (২৫) উত্তৰ প্ৰদেশৰ পৰা আহি হোম কোৱাৰেন্টাইনত আছিল ।
ইফালে দিল্লীৰ ভ্ৰমণ বৃত্তান্ত থকা ক’ভিড আক্ৰান্ত দুলীয়াজানৰ কাষৰীয়া ভাদৈ পাঁচআলিৰ টুলটুল শইকীয়া (৩০) ডিব্ৰুগড় হোটেল ময়ূৰাত আৰু দুলীয়াজান কেন্দ্ৰীয় নামঘৰৰ সমীপৰ শুকময় আচাৰ্য (২৯) ডিব্ৰুগড় বিশাল হোটেলত কোৱাৰেন্টাইন হৈ আছিল ।