দুলীয়াজানত বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়া
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ দুলীয়াজান সমষ্টিৰ টিপলিং পঞ্চায়তৰ অন্তগৰ্ত বামুণ গাঁও, নগাওঁ আৰু ডিগবৈমুখৰ অৰ্ধেক অঞ্চলত বুঢ়ীদিহিং নদীৰ ব্যাপক গৰাখহনীয়াই নৈ-পৰীয়া জীৱনলৈ আতংক কঢ়িয়াই আনিছে । আজি স্হানীয় গৰাখহনীয়া অঞ্চলসমূহ পৰ্য্যবেক্ষণ কৰে দুলীয়াজান আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সঁজাতি দলে । বৃহত্তৰ অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যাৰূপে চিহ্নিত বানবিধ্বস্ত তথা গৰাখনীয়াই মাটি ভেটি উছন কৰি একপ্ৰকাৰ কঙাল কৰি তুলিছে গাওঁবাসীক । এই সৰ্বহাৰা লোকৰ জীৱন সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে স্থানীয় বিধায়ক তেৰছ গোৱালাক।