নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছ, নিহত ২, আহত ১৫

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে দুৰ্ঘটনাৰ ঘটনা। নিশা হ’লেই যেন ভয়ংকৰ ৰূপ লয় ৰাজপথসমূহে। গোলকগঞ্জৰ বেলতলাত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হয় এখন বিবাহযাত্ৰী কঢ়িয়াই নিয়া বাছ। ফকিৰগ্ৰামৰ পৰা কোচবিহাৰ অভিমুখী আছিল বাছখন। যাত্ৰা পথত এখন বলেৰ’ পিক আপ ভানৰে মুখামুখি সংঘৰ্ষ বাছখনৰ। দুৰ্ঘটনাত থিতাতে নিহত বাছখনৰ চালকসহ এটি শিশু। মৃত শিশুটিৰ নাম প্ৰীতম কৰ।

                     মঙলবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত আহত প্ৰায় ১৫জনকৈ যাত্ৰী। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

You might also like