দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা ম’ষ্ট ৱান্টেড অপৰাধী আদম আলীৰ এম্বুছৰ আঁৰৰ শক্তিক বিচাৰি আৰক্ষীৰ অনুসন্ধান আৰম্ভ
নিয়মীয়া বাৰ্তা, ২৩ জুলাই: যোৱা ২০ জুলাইৰ পুৱতি নিশা ধুবুৰী আৰক্ষীৰ এটি দলে লগত লৈ চলাই থকা এক অভিযানৰ সময়ত দূৰ্বৃত্তৰ আকষ্মিক এম্বুশত মৃত্যু হৈছিল ম’ষ্ট ওৱান্টেড অপৰাধী আদম আলীৰ। উক্ত ঘটনাত আহত হৈছিল আৰক্ষীৰো দুজনকৈ লোক। জানিব পৰা মতে সিদিনা আদমৰ স্বীকাৰোক্তিৰ ভিত্তিত ধুবুৰী জিলাৰ সমীপৱৰ্তী বিটিএডিৰ বাঁশবাৰী অঞ্চলত চলাই থকা অভিযানৰ সময়ত আৰক্ষীৰ দলটোলৈ অকষ্মাতে গুলিচালনা কৰা দুৰ্বৃত্ৰৰ দলটোৰ সন্ধানত বৰ্তমানেও অভিযান অব্যাহত আছে আৰক্ষীৰ। ইতিমধ্যে আৰক্ষীয়ে বাঁশবাৰীৰ পৰা কিছু নিলগত সংঘটিত হোৱা এম্বুশ্বথলীৰ পৰা এটা একে ফৰ্টি চেভেন ৰাইফেলকে ধৰি কেইবাজাঁই খালী কাৰ্টুজ উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে। সিদিনাৰ সেই ঘটনাত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰা সেই মাৰণাস্ত্ৰটোকে ধৰি খালী কাৰ্টুজবোৰ বৰ্তমানে কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা বুলি প্ৰকাশ।
স্মৰ্তব্য যে, যোৱা ২০ জুলাইৰ পুৱতি নিশা আনুমানিক এটা–ডেৰটা মানত কুখ্যাত অপৰাধীয়ে আদম আলীয়ে ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৱৰ্তী ছাগলীয়া–হালাকুৰৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথত এক মাৰণাস্ত্ৰ বিক্ৰী কৰাৰ এক নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ এটি দলে ঘটনাস্থীলৈ ৰাওনা দিছিল আৰু আৰক্ষী অহাৰ উমান পাই আদমে ছাগলীয়া হৈ পশ্চিমবংগৰ পিনে পলায়ন কৰিছিল। আৰক্ষীৰ দলটো খেদি খেদি গা পশ্চিমবংগৰ কোচবিহাৰৰ সমীপত কৰায়ত্ব কৰিছিল আদম আলীক। আৰক্ষীয়ে আদমৰ পৰা আপত্তিজনক কিছু নথীপত্ৰ আৰু অত্যাধুনিক এটা সৰু আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰে। কৰায়ত্ব কৰাৰ পিছত চলোৱা জেৰাত আদমে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত এটা অপৰাধী চক্ৰক অস্ত্ৰ বিক্ৰী কৰিবলৈ অহা বুলি উন্মোচিত হৈছিল আৰু সেই মৰ্মে আদমক লৈ ৰাওনা হৈছিল সেই বিশেষ চক্ৰটোৰ সন্ধানত।
জানিব পৰা মতে, ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বিটিএডি বাশবাৰী আৰু ৰূপচীৰ মাজত উপস্থিত হোৱাৰ ল’গে ল’গে অকস্মাতে আৰক্ষীৰ সেই দলটোৱে এক ভয়ংকৰ এম্বুশৰ সন্মুখীন হৈছিল। সেই ঘটনাত আদমকে ধৰি আহত হোৱা আৰক্ষী দলটোৰ দুজন লোককো ততাতৈয়াকৈ ধুবুৰী ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত অনা হৈছিল যদিও পিছত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল আদম আলীৰ। সিদিনাৰ আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ অনুসন্ধান চলাই এতিয়ালৈকে পোৱা তথ্যসমূহ তদন্তৰ খাতিৰত আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত আনুষ্ঠানিক ভাৱে কব বিছৰা নাই। অৱশ্যে ‘‘এচাম কেটেল প্ৰিজাৰভেচন এক্ট’’ৰ অধীনত বিভিন্ন ধৰণৰ সমাজবিৰোধী আৰু অবৈধ কাম–কাজেৰে অৰ্জা ধনেৰে গঢ়া আদম আলীৰ সা–সম্পত্তি আগলৈ গৈ বাজেয়াপ্ত হোৱাৰ সম্ভৱনা নথকা নহয় বুলিয়েই সূত্ৰযোগে জানিব পৰা গৈছে।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী