নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেওবালি জাকৰুৱাত প্ৰাইজমানি ফুটবল সমাপ্ত; মহগড় এম ডি ক্লাব চেম্পিয়ন

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ  নগাঁও জিলাৰ ফুলগুৰিৰ সমীপৰ দেওবালি জাকৰুৱা খেলপথাৰত উদয়ন সংঘৰ উদ্যোগত আজি সামৰণি পৰা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মহগড়ৰ এম ডি ক্লাবে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৩৬টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ আজি ফাইনেলত মহগড় এম ডি ক্লাবে জাগীয়াল ধেমাজিৰ পোহৰ ক্লাবক টাইব্ৰেকাৰত সামগ্ৰিকভাৱে ৬-৫(১-১)গ’লত পৰাজিত কৰে। খেলখনৰ নিৰ্ধাৰিত সময়ৰ ১৯মিনিটতে মহগড় এম ডি ক্লাবৰহৈ ডেনিছ বড়োয়ে গ’ল দিয়াৰ বিপৰীতে ৪৮মিনিটত ধেমাজিৰ পোহৰ ক্লাবৰহৈ মৃদুল দাসে সমতাসূচক গ’লটো দিয়ে। টাইব্ৰেকাৰত মহগড় এম ডি ক্লাবৰহৈ ডেনিছ বড়ো, টিংকুমনি নাথ, বিষ্ণু বৰদলৈ, ৰূপজ্যোতি বৰা আৰু পাপলু বাগলাৰীয়ে গ’ল দিয়াৰ বিপৰীতে ধেমাজি পোহৰ ক্লাবৰহৈ মৃদুল দাস, গনেশ হোকাই, জাহ্নু বৰদলৈ আৰু উপেন হোকায়েহে গ’ল দিবলৈ সক্ষম হয়। পাঁচ সহস্ৰাধিক দৰ্শকে উপভোগ কৰা ফাইনেল খেলখন শুভাৰম্ভ কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। প্ৰতিযোগিতাৰ অন্তত যুৱ সংগঠক মনোজ দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত সমাজসংগঠক তথা জি এন ইলেট্ৰ’নিকছৰ স্বত্বাধিকাৰী গৌতম ডেকা, নগাঁও মহকুমা অনুসূচিত জাতি ব’ৰ্ডৰ সভাপতি নৰেন চন্দ্ৰ দাস, ক্ৰীড়া সংগঠক সমীৰ হাজৰিকা, লম্বোদৰ ফুকন, সমাজকৰ্মী আনন্দ দাস আৰু ভূপেন দাস আদিয়ে বিভিন্ন বঁটাসমূহ বিতৰণ কৰে।

You might also like