দৰঙত কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীঃ দৰঙৰ শিক্ষা, স্বাস্থ্যসেৱাৰ উন্নীতকৰৰ্ণাথে ২ কোটি টকাৰ অনুদান ঘোষণা
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: দৰঙৰ শিক্ষা আৰু স্বাস্হ্য খণ্ডৰ উন্নীতকৰণৰ অৰ্থে আজি কেন্দ্ৰীয় কয়লা, খনিজ তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ২ কোটি টকাৰ অনুদান ঘোষণা কৰে। দেশৰ আকাংক্ষিত জিলাৰ তালিকাভূক্ত দৰঙলৈ এই পুজি কয়লা আৰু খনিজ মন্ত্ৰালয়ৰ অধীনস্হ ক’ল ইণ্ডিয়াৰ চিএচআৰ পুজিৰ পৰা আগবঢ়ায় বিজেপি চৰকাৰে।
লক্ষনীয় যে, দৰঙত আজি দিনজোৰা কাৰ্যসূচীৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী যোশী সহ জিলা খনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সহ সাংসদ দিলীপ শইকীয়া, বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী তথা অন্যান্য কেবাজনো নেতা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্হিতিৰ পাছতে দৰং জিলা পুথিভৰালত অনুস্হিত হয় এখন সভা। মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সকলো স্তৰৰ বাসিন্দা সকলৰ বাবে জিলা প্ৰশাসনে লোৱা পদক্ষেপ সমূহে দেখুওৱা সু-ফলৰ বাবে উচ্চ প্ৰশংসা কৰি কয় যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেক আঁচনিয়ে যাতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো অঞ্চলক সামৰি লবলৈ সক্ষম হয়, সেয়া নিশ্চিত কৰিবলৈ সকলো কেন্দ্ৰীয় মন্ত্ৰীক কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনাৰ পৰাই নিৰ্দেশ দিছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে ক’ল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট দায়বদ্ধতা নিধিৰ অধীনত জিলাখনৰ শিক্ষাখণ্ডৰ বাবে ১ কোটি টকা আৰু চিকিৎসা সেৱাৰ উন্নীতকৰণৰ বাবে ১ কোটি টকাৰ অনুদানেৰে সৰ্বমুঠ ২ কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰে। পৰ্যায়ক্ৰমে জিলাখনৰ উন্নয়নৰ স্বাৰ্থত আৰু অধিক আৰ্থিক অনুদান আগবঢ়াব বুলি কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ কয়। সভাত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঐতিহাসিক দৰং জিলাত উপস্থিত হোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰি জিলাখনৰ উন্নয়নৰ বাবে লোৱা কেতবোৰ বিশেষ পদক্ষেপ বিশেষকৈ দক্ষতা বিশ্ববিদ্যালয়, কৰ্কট ৰোগ চিকিৎসালয় ইত্যাদিৰ বিষয়ে জানিবলৈ দিয়ে। দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছবকা ছাথ, ছবকা বিকাশৰ সপোনক বাস্তবায়িত কৰিবলৈ দৰং জিলা প্ৰশাসন সদায় বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।
মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰং জিলাৰ সৰ্বাংগীন বিকাশৰ প্ৰতি প্ৰদৰ্শন কৰা সদিচ্চাৰ দ্বাৰা বাসিন্দা সকলৰ বাবে এক নতুন দিগন্তৰ ৰচনা হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি কয় যে যোৱা ৭০ বছৰে যি উন্নয়ন প্ৰত্যক্ষ কৰা নহল, সেয়া যোৱা ৭ বছৰত জিলাবাসী ৰাইজে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে ! সাংসদ গৰাকীয়ে লগতে অসমৰ প্ৰতি থকা মৰমৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী বিশেষ ভাৱে ধন্যবাদৰ পাত্ৰ হব লাগে বুলি উল্লেখ কৰে তথা তেখেতৰ সপোনৰ অসম তথা ভাৰত গঢ়ি তুলিবলৈ তেখেতৰ লগতে দৰংবাসী ৰাইজ সদায় বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।
দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই উপস্থিত মন্ত্ৰী তথা বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰি দৰং জিলাই আকাংশিত জিলাৰ মৰ্যাদা পোৱাৰে পৰা উন্নত জিলা হিচাপে ৰূপান্তৰ কৰিবলৈ লোৱা কাৰ্য্যসূচী সমূহৰ ব্যাখ্যা দাঙি ধৰি জানিবলৈ দিয়ে যে ইতিমধ্যে দৰং জিলাই বহু দিশত পুৰ্বৰ তুলনাত ভাল ফল দেখাবলৈ সক্ষম হৈছে । উপায়ুক্ত গৰাকীয়ে লগতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক জিলাখনৰ উন্নয়নৰ বাবে অনুমোদিত প্ৰত্যেকটো টকাৰ সদব্যৱহাৰৰ আশ্বাস প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে দৰং জিলাৰ প্ৰতি প্ৰদৰ্শন কৰি থকা উদাৰ মনোভাৱৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।
সভাত ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কেন্দ্ৰীয় চৰকাৰে দৰং জিলাৰ উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাত কয়লা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিবৰ উপৰিও ক’ল ইণ্ডিয়া আৰু অসম চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। স্বাভাৱিকতে বহু কোম্পানীৰ পৰা প্ৰাপ্ত পুজি একাংশ এনজিঅ’ক অনুমোদন কৰি শৰাধ পতাৰ লেখীয়া নকৰি ২ কোটি টকাৰে ভগ্ন বিদ্যালয় তথা চিকিৎসালয়ত স্হায়ী কাম কৰিবলৈ সচেতন নাগৰিকে গোহাৰি জনাইছে