দৰঙত পুনৰ ৪৫জনৰ দেহত ক’ৰোনা, ৪২৭লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ শুকুৰবাৰে সন্ধিয়া দৰঙৰ ৩৫ জন লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছত শনিবাৰে পুনৰ ১০ জন লোক আক্ৰান্ত হৈছে ক’ভিডত । জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰে আক্ৰান্ত হোৱা ৩৫ জন লোকৰ ভিতৰত ৯ জন মঙলদৈ পলিক্লিনিকৰ কৰ্মচাৰী হোৱাৰ বিপৰীতে এগৰাকী মঙলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰী আৰু এগৰাকী আশাকৰ্মী । আনহাতে ৩ জন পলি ক্লিনিকত চিকিৎসা গ্ৰহণ কৰি থকা লোক ।
ইফালে শনিবাৰে আক্ৰান্ত হোৱাসকলৰ ভিতৰত ডাঃ মুনীন্দ্ৰ মেধি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মনোৰোগ বিভাগৰ চিকিৎসক । আনহাতে ফুলমণি বৰুৱা গোসাইগাওঁ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী হোৱাৰ বিপৰীতে পল্লৱ নাৰায়ণ কোঁৱৰ পিকচেল ডায়েগন’ষ্টিক চেন্টাৰ আৰু জয়দেৱ লোহাৰ লুইত ডায়েগন’ষ্টিক চেন্টাৰৰ কৰ্মচাৰী । তদুপৰি প্ৰদীপ ৰাভা কামৰূপ জিলাত কৰ্মৰত এগৰাকী স্বাস্থ্য কৰ্মী আৰু ময়নুদ্দিন আহমেদ মঙলদৈৰ মহামায়া অপ্তিকেলৰ কৰ্মচাৰী । আন লোকসকল বহি:ৰাজ্যৰ পৰা দৰঙলৈ অহা নতুবা কনন্টেইনমেন্ট জ’নৰ বাসিন্দা । এই লোককেইজনক ধৰি জিলা খনত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ৪২৭ জনলৈ বৃদ্ধি পালে