নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধান ক্ৰয় কেন্দ্ৰত অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ অসম চৰকাৰে কৃষকৰ পৰা প্ৰত্যক্ষভাবে ধান ক্ৰয় কৰাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছিল সেয়া বজালী জিলাত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ তৎপৰতাত এক ইতিবাচক আন্দোলনলৈ পৰ্যবসিত হৈছিল৷ নিজস্ব কৃষি ভূমিত উৎপাদিত ধান জিলা প্ৰশাসনে স্থাপন কৰা ক্ৰয় কেন্দ্ৰত কৃষকসকলে আহি অনায়াসে বিক্ৰী কৰিব পৰা পৰিবেশ সুচল হোৱাত কৃষকৰ উৎসাহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।এনে পৰিবেশত প্ৰতিদিনে ধান ক্ৰয় কেন্দ্ৰলৈ যিদৰে কৃষকৰ আগমন হৈছে সিয়েই যথাৰ্থ ভাৱে এক আন্দোলনৰ ৰূপ পৰিগ্ৰহণ কৰিছে৷ যি আন্দোলনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ সপোন প্ৰাণ পাই উঠিছে৷

ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ উৎসাহৰ বন্যাই এতিয়া ক্ৰয় কেন্দ্ৰবোৰ মুখৰ কৰি তুলিছে৷ কৃষক সকলে প্ৰতিদিনে ঠেলা গাড়ী, গৰুগাড়ী আৰু চাইকেলেৰে ধান কঢ়িয়াই আনি কেন্দ্ৰত বিক্ৰী কৰি নগদ ধন প্ৰাপ্তিত আনন্দিত হৈছে৷ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধীনত ধান ক্ৰয় কৰা হৈছে আৰু গোটেই ব্যৱস্থাটো ত্বৰান্বিত কৰি তুলিছে উপায়ুক্ত দেৱ চৌধুৰীয়ে৷ এই ধান ক্ৰয় কেন্দ্ৰতে আজি উপস্থিত হয় ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামাল৷ জিলা প্ৰশাসনৰ ধান ক্ৰয় ব্যৱস্থা প্ৰত্যক্ষ কৰি আনন্দিত হোৱা চামালে কেবাগৰাকী ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ সতে বাৰ্তালাপো কৰে৷ কৃষক সকলে ধান ক্ৰয় কেন্দ্ৰবোৰ সকলো সময়তে যাতে উপলদ্ধ হৈ থাকে তাৰ বাবে চামালক অনুৰোধ জনায়৷ কাৰণ ইয়াৰ দ্বাৰা বজালীত কৃষক পৰিয়াল উপকৃত হৈছে৷ এই পৰিদৰ্শন কালত অতিৰিক্ত মুখ্য সচিবগৰাকীৰ সতে জিলাৰ কাৰ্যবাহী দণ্ডাধীশ আৱাজ টনবীৰ আলম? জিলাৰ যোগান বিভাগৰ পৰিদৰ্শক নিতুল শৰ্মা, সুনীল দাস আৰু মৃন্ময় ভৰালী উপস্থিত থাকে৷

প্ৰেৰকঃ কল্যাণ কলিতা

You might also like