ধুবুৰীত আৰক্ষী আৰু চিআৰপিএফ যৌথ অভিযানত হস্তনিৰ্মিত পিস্তল, সজীৱ গুলিসহ নিচাযুক্ত টেবলেট উদ্ধাৰ; আটক ৬
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ যোৱানিশা আৰক্ষী আৰু চিআৰপিএফৰ এটা যৌথদলে ধুবুৰীৰ পাৰ্শ্বৱৰ্তী আমেৰ ভিটাৰ ছোটো বাশজানীত চলোৱা ড্ৰাগচ বিৰোধী এক অভিযানত মাৰণাস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ সামদ্ৰী আৰু নিচাযুক্ত টেৱলেট উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ ৬গৰাকী ব্যক্তিক কৰায়ত্ব হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নিৰ্দিষ্ট এক তথ্যৰ ভিত্তিত যোৱানিশা ছোটো বাশজানীৰ জনৈক আনিছুৰ ৰ’হমান নামৰ ব্যক্তি এজনৰ গৃহত আৰক্ষী আৰু চিআৰপিএফৰ এটা যৌথ দলে অভিযান চলাইছিল।
সেই অভিযানত হস্তনিৰ্মিত পিস্তল, নাইন এম এম পিস্তলৰ ৬টা সজীৱ গুলি, ৩টা তৰোৱাল, চিনত নিৰ্মিত ৩টাকৈ ৱাকি ট’কি, বহু পায়োভান স্পাচ প্লাচ নামৰ এবিধ নিচাযুক্ত টেৱলেট, চিচিটিভি কেমেৰা চাৰিটা, ডিবিআর ১ টা , মনিটর ১ টা , মোবাইল ফোন ৭টাকে ধৰি এটা লেপটপ কম্পুউটাৰ আৰু ডিছিএলআৰ কেমেৰা এটাও উদ্ধাৰ হয়।
ইপিনে যোৱানিশা আৰক্ষী–চিআৰপিএফৰ দলটোৱে অভিযান চলোৱা সেই গৃহটোৰ চৌদিশে ৪টাকৈ চিচিটিভি থকাৰ বিষয়টোও তাৎপৰ্যপূৰ্ণ বুলি বিৱেচিত হৈছে। যোৱানিশাৰ অভিযান কালত সেই গৃহটোত থকা আনিছুৰ ৰ’হমান আৰু তেওঁৰ ভাতৃ মোকলেচুৰ ৰহমানকে ধৰি হাচিনুৰ ৰহমান, গোলাম হুছেইন, জয়নাল উদ্দিন আৰু ৰবিয়াল হ’ক নামৰ ছয় গৰাকীক ব্যক্তিক আৰক্ষীয়ে কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে। তদন্তৰ অন্তত আটক কৰা ব্যক্তি কেইজনৰ কোনে কিধৰণৰ অসামাজিক কামৰ সৈতে জড়িত আছিল সেয়া পোহৰলৈ আহিব বুলি জনাইছে আৰক্ষীয়ে।
প্ৰেৰকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী