নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰ : নিউমনিয়া ৰোগ নিৰ্মূলকৰণৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ এইবিধ ব্যধি হলে পাঁচ বছৰৰ তলৰ শিশু এটিয়ে কেনেবোৰ সমস্যা ভুগিব পাৰে আৰু ইয়াৰ লক্ষণসমূহ কি কি, তাৰ ওপৰতে আজি গুৰুত্ব আৰোপ কৰি ধুবুৰীৰ অতিৰিক্ত মূখ্য চিকিৎসা বিষয়াৰ সভাপতিত্বত ধুবুৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰি ” চাচ” (SAANS) কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। চাচ হৈছে নিউমনিয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পৰিকল্পনা। এই কাৰ্যসূচী ১২ নৱেম্বৰ ২০২২ ৰ পৰা ২৮ ফেব্ৰুৱাৰী ২০২৩ লৈকে গোটেই অসমৰ লগতে ধুবুৰী জিলাতো চলিব। আজিৰ সভাত অতিৰিক্ত মূখ্য চিকিৎসক গৰাকী উল্লেখ কৰে যে নিউমনিয়া হৈছে এটি গুৰুতৰ ৰোগ। আমাৰ দেশৰ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ মূখ্য কাৰণ হৈছে নিউমনিয়া ৰোগ। সেয়েহে ঘৰুৱা প্ৰতিকাৰ বিচাৰি আপোনাৰ সময় অপচয় নকৰিব। যদি আপুনি নিউমনিয়া লক্ষণসমূহ প্ৰত্যক্ষ কৰে, তেন্তে লগে লগে আপোনাৰ শিশুটিক নিকটতম স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যাওক। নিউমোনিয়াৰ লক্ষনসমূহ হৈছে সৰ্দি আৰু কাঁহ বৃদ্ধি হোৱা, দ্ৰুত উশাহ নিশাহ, উশাহ লওতে বুকু ভিতৰলৈ সোমাই যোৱা, অতিপাত জ্বৰ। এই কাৰ্য্যসূচীৰ অধীনত স্বাস্থ্য সেৱাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তি ৫ বছৰৰ তলৰ শিশু থকা ঘৰত যাব আৰু লক্ষণ সমূহ নিৰীক্ষণ কৰিব। এই কাৰ্য্যসুচিৰ প্ৰধান উদ্দেশ্য হৈছে ৫ বছৰৰ বয়সৰ তলৰ কোনো শিশু যাতে নিউমোনিয়া জনিত ৰোগত মৃত্যু বৰণ নকৰে। আজিৰ সভাত স্বাস্থ্য বিভাগৰ আন আন বিষ়াসকলৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰচাৰ মাধ্যমৰ বিশেষজ্ঞ আমিৰুল হকো উপস্থিত আছিল ।