নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন

  • ধুবুৰীৰ জাহাজঘাট আৰু সোনাহাট বাণিজ্যিক কেন্দ্ৰৰে ভাৰত আৰু বাংলাদেশৰ মাজত চলি থকা আমদানি-ৰপ্তানি অধিক গতিশীল হোৱাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা,  ১৪ ফেব্ৰুৱাৰী: ভাৰত আৰু বাংলাদেশৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে আজি ধুবুৰীলৈ সপত্নীক আহি উপস্থিত হৈছে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন। ধুবুৰী চহৰৰ পঞ্চুঘাটৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ পৰা বৰ লুইতেৰে বাংলাদেশেৰে চলি থকা আমদানী-ৰপ্তানীৰ চৰজমিন নিৰীক্ষণ চলায় তেওঁ আৰু জাহাজঘাটটোত উপস্থিত থকা ভাৰতীয় ৰপ্তানি আৰু আমদানি কাৰকসকলৰ সৈতে বাংলাদেশত স্থল আৰু জল বন্দৰত সন্মুখীন হোৱা অসুবিধাবোৰৰ বুজ লয়। পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তগৰাকীয়ে বাংলাদেশৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক আগত সময়ত অধিক সুদৃঢ় হ’ব বুলি দোহাৰে। ভাৰতীয় ৰপ্তানীকাৰক সকলে পাই থকা সৰু-সুৰা অসুৱিধাসমূহৰ বিষয়টো বাংলাদেশ চৰকাৰক জনাব বুলি জনায় তেওঁ। বৰ্তমানে পঞ্চুঘাটৰ জাহাজঘাটেৰে ভাৰতৰ পৰা কয়লা আৰু শিল ৰপ্তানি হৈ থকাৰ বিপৰীতে বাংলাদেশৰ পৰা মৰাপাটৰ কাপোৰ আহি থকা বুলি উল্লেখ কৰি আগত সময়ত ধুবুৰীৰ জাহাজঘাটেৰে ভাৰতীয় আমদানীকাৰসকলে বাংলাদেশৰ পৰা প্লাষ্টিকৰ সামগ্ৰী আৰু চিমেন্ট ৰপ্তানি কৰিব বুলি আশা প্ৰকাশ কৰে। অন্যান্য মাধ্যমৰ তুলনাত তুলনামূলক ভাৱে কম খৰচেৰে জলপথেৰে আমদানী-ৰপ্তানী কৰা যায় বুলিও তেওঁ উল্লেখ কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ঋতুকালীন কাৰণত নৈৰ পানীৰ গভীৰতা কমিলে সমস্যাৰ সৃষ্টি হয় বুলি স্বীকাৰ কৰে তেওঁ আৰু বিষয়টো লৈ দুয়োখন দেশৰ চৰকাৰে কাম কৰি থকা বুলি অৱগত কৰে। জানিব পৰা মতে অহাকালি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আমিনে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ সোনাহাট আন্তৰ্জাতিক স্থল বন্দৰ ভ্ৰমণ কৰিব। উল্লেখ্য যে, বিষয়া গৰাকীয়ে সপত্নীক আজি ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাও পৰিদৰ্শন কৰে।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like