নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ভাৰতীয় ষ্টেট বেংকৰ মুঠ ১২ গৰাকী কৰ্মচাৰীৰ দেহত ক’ভিড; সাতদিনৰ কন্টেইনমেন্ট জোন ঘোষণা বেংকটো

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰ: ধুবুৰী চহৰৰ মাজমজিয়াৰ ভাৰতীয় ষ্টেট বেংক মূল শাখাৰ মুঠ ১২গৰাকী কৰ্মচাৰীকে ধৰি আক্ৰান্ত কৰ্মচাৰী এগৰাকীৰ এটি শিশু পুত্ৰসহ মুঠ ১৩ গৰাকী ক’ভিড আক্ৰান্ত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, যোৱা ২৭ ডিচেম্বৰৰ দিনা ধুবুৰীস্থ ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাৰ ২৯গৰাকী কৰ্মচাৰীৰ চোৱাবৰ নমুনা সংগ্ৰহ কৰি স্বাস্থ্য বিভাগে গুৱাহাটীলৈ প্ৰেৰণ কৰিছিল। আজি গুৱাহাটীৰ পৰা অহা ফলাফলৰ পিছত বেংকটোৰ মহাপ্ৰৱন্ধকগৰাকীকে ধৰি মুঠ আঠ গৰাকী কৰ্মচাৰী ক’ভিড আক্ৰান্ত হোৱা বুলি স্পষ্ট হয়। বিষয়টো অৱগত হৈ স্বাস্থ্য বিভাগৰ এটি দলে বেংকটোত উপস্থিত হৈ তাৰে সকলো কৰ্মচাৰীৰ ক’ভিডৰ ৰেণ্ডম টেষ্ট আৰম্ভ কৰাৰ পিছত ইতমধ্যে আৰ–,পিটিচিআৰ পৰীক্ষাত পজিটিভ অহাএগৰাকী কৰ্মচাৰীৰ এটি শিশু পুত্ৰকে ধৰি অইন চাৰিগৰাকীকৈ কৰ্মচাৰীৰো ৰেণ্ডম পৰীক্ষাৰ ফলাফল পজিটিভ আহে। ইতিমধ্যে ধুবুৰী জিলা উপায়ুক্তই সাত দিনৰ বাবে বেংকটো কন্টেইনমেন্ট জোনৰূপে ঘোষণা কৰিছে। স্বাস্থ্য বিভাগে আক্ৰান্ত সকলোৰে নমুনা সংগ্ৰহ কৰি ক’ভিডৰ অ’মিক্ৰণ পৰীক্ষাৰ বাবে যোৰহাটলৈ পঠিওৱাৰ ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে।

You might also like