ধুবুৰী জিলাত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৮৬৯ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: ক’ভিডৰ তৃতীয় ঢৌত সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰী জিলাতো ক’ভিড ভাইৰাছত সংক্ৰমিত হোৱা লোকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাবলৈ লোৱা দেখা গৈছে। কিন্তু তৎস্বত্বেও জিলাখনৰ সদৰ ধুবুৰীতেই চৰকাৰী ক’ভিড প্ৰট’ক’ল মানি নচলাৰ এছামৰ মানসিকতাই আগলৈ গৈ ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰো এক আশংকাৰ সৃষ্টি হৈছে। উল্লেখ্য যে, বিগত ২৪ ঘন্টাত স্বাস্থ্য বিভাগৰ পৰীক্ষাত জিলাখনত ১৮০ গৰাকী ব্যক্তি ক’ভিড আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানে ধুবুৰী জিলাৰ সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হ’ল ৮৬৯ গৰাকী।