ধুবুৰীত দুৰ্ঘটনাগ্ৰস্ত নাওৰ গৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিলে আভ্যন্তৰীণ জলপৰিবহন বিভাগ
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট: যোৱাকালি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী হাওৰাৰপাৰৰ সমীপৰ বৰ লুইতত সংঘটিত হোৱা এক নাওঁ দূৰ্ঘটনাত বহু ছাত্ৰ–ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পোৱাৰ সেই ঘটনা সন্দৰ্ভত ধুবুৰীস্থ আভ্যন্তৰীণ বিভাগৰ কাৰ্য্যালয়ে আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত সেই নাওঁখন চৰকাৰী নিষেধাজ্ঞা অমান্য কৰি এটা ইঞ্জিনেৰে চলাচল কৰি থকাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি নিশাই নাওঁখনৰ নাওঁৰীয়া জনৈক মিনাৰুল ওৰফে গদাৰ বিৰূদ্ধে ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা বুলি বিভাগটোৰ স্থানীয় এক সূত্ৰই সদৰি কৰিছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱেও আজি সাংবাদিকৰ সন্মুখত সেয়া নিশ্চিত কৰিছে।
উল্লেখ্য যে, যোৱাকালি বিদ্যালয় ছুটী দিয়াৰ পিছত ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী হাওৰাৰপাৰৰ সমীপৰ বৰ লুইতেৰে অঞ্চলটোৰ খোদাৰচৰ এম ই মাদ্ৰাছা আৰু সোনাৰাম পাটামাৰী হাই স্কুলৰ আনুমানিক প্ৰায় ৫০ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে নাওঁ এখনেৰে ঘৰমুৱা যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু হঠাৎ কিবাত আঘাত পাই অকষ্মাতে সেই নাওঁখন আধাবাটতে বুৰ যাবলৈ লয় আৰু তেতিয়া সেইখনত থকা ছাত্ৰ–ছাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে। ছাত্ৰ–ছাত্ৰীসকলৰ চিঞঁৰ–বাখৰ শুনি পাৰঘাটত থকা অঞ্চলটোৰ স্থানীয় একাংশ লোকৰ তাৎক্ষণিক তৎপৰতাৰ বাবে আটাই কেইগৰাকী ছাত্ৰ–ছাত্ৰীক উদ্ধাৰ কৰি পাৰলৈ অনা সম্ভৱপৰ হয়।
ইফালে কালিৰ এই দুৰ্ঘটনাটোৱে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন চৰাঞ্চলৰ পঞ্চায়ত নিয়ন্ত্ৰিত পাৰঘাটসমূহৰ পৰা যাতায়াত কৰি থকা নাওঁবোৰত চৰকাৰী বান্ধি দিয়া নিয়মানুসৰি মেৰাইন অথৱা দুটা ইঞ্জিন সংযোগ কৰা হৈছে নে নাই সেয়া নিৰীক্ষণৰ ব্যৱস্থা লোৱাটো অতীৱ প্ৰয়োজনীয় বুলিও উচ্চাৰিত । উল্লেখ্য যে, প্ৰায় ১০ বছৰ পূৰ্বে ৰাজ্য কঁপোৱা মেটেৰটাৰীৰ লঞ্চ দূৰ্ঘটনাটোৰ পিছত তদানীন্তন ধুবুৰী ( বৰ্তমানে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা) একাংশ বিভাগীয় নদী ঘাটকে ধৰি পঞ্চায়ত নিয়ন্ত্ৰিত পাৰঘাটসমূহৰো একাংশত লেছিৰ এক শক্তিশালী চিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকাৰ অভিযোগ উঠিছিল আৰু সেই চিণ্ডিকেট চক্ৰটো বৰ্তমানেও সক্ৰিয় বুলি সময়ে সময়ে সন্দেহ উত্থাপিত হৈ অহাও পোৱা গৈছে।