ধূপধৰাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্রীয়ে টিফিন বক্সত গো–মাংসৰে ৰন্ধা বিৰিয়ানি খুৱালে হিন্দু বান্ধৱীকঃ গোচৰ ৰুজু, আটক ছাত্রীগৰাকীৰ পিতৃ
- টিফিন বক্সত গো–মাংসৰ সৈতে ছাত্রীগৰাকীয়ে বিদ্যালয়য়লৈ আনিছিল বিৰিয়ানি
- সাময়িকভাৱে ছাত্রীগৰাকীক বিদ্যালয়ৰ পৰা বহিষ্কাৰ
- গোচৰ ৰুজু, আটক ছাত্রীগৰাকীৰ পিতৃ
নিয়মীয়া বাৰ্তা,২০ আগষ্ট: গোৱালপাৰা জিলাৰ ধূপধৰাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ গৰিমাত কালিকা সানিলে বিদ্যালয়খনৰ এগৰাকী দশম শ্রেণীৰ ছাত্রীয়ে৷ গো–মাংস থকা টিফিনত বিৰিয়ানি লৈ আনি সেহ কথা লুকুৱাহ ৰাখি একে শ্রেণীৰ এগৰাকী ৰাভা উপাধিৰ ছাত্রীক সেহ বিৰিয়ানি খুওৱাৰ দৰে এক জঘন্য ঘটনা সংঘটিত কৰাৰ কথা পোহৰলৈ আহিছে৷ এই ঘটনাহ তীব্র চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র অঞ্চলটোতে৷ ঘটনাটোক কেন্দ্র কৰি ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল গো–মাংসৰ সৈতে বিৰিয়ানি অনা ছাত্রীগৰাকীৰ পিতৃ৷
প্রাপ্ত তথ্য অনুসৰি যোৱা ৮ আগষ্টত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মুছলিম সম্প্রদায়ৰ ছাত্রীগৰাকীয়ে ঘৰতে বনোৱা গো–মাংসৰ সৈতে একেটা টিফিন বক্সত লৈ আনিছিল বিৰিয়ানি৷ জিৰণি সময়ত ছাত্রীগৰাকীয়ে ৰাভা জনগোষ্ঠীৰ এগৰাকী বান্ধৱীক সেহ টিফিন বক্সৰ পৰা বিৰিয়ানি খাবলৈ কোৱাত ছাত্রীগৰাকীয়েও বিৰিয়ানি খায়৷ কিন্তু মুছলিম ছাত্রীগৰাকীয়ে টিফিন বক্সত গো–মাংস লৈ অনা কথা সম্পূর্ণৰূপে লুকুৱাহ ৰাখি নিজ বান্ধৱীক বিৰিয়ানি খাবলৈ দিয়ে৷ পিছদিনা বিৰিয়ানি অনা ছাত্রীগৰাকীয়ে বান্ধৱীগৰাকীক গো–মাংসৰ কথা লুকুৱাই ৰাখি বিৰিয়ানি খাবলৈ দিয়া বুলি আন বান্ধৱীৰ আগত প্রকাশ কৰে৷ কথাটো হকাণে–সিকাণে বিৰিয়ানি খোৱা ছাত্রীগৰাকীৰ কাণত পৰাত ছাত্রীগৰাকীয়ে কান্দিবলৈ ধৰে আৰু পাছত নিকেতনৰ প্রধান আচার্যগৰাকীও ঘটনা সন্দর্ভত অৱগত হয়৷ প্রধান আচার্যগৰাকীয়ে বিৰিয়ানি অনা ছাত্রীগৰাকীক মাতি বিষয়টো জানিব বিচৰাত ছাত্রীগৰাকীয়ে সকলো স্বীকাৰ কৰে৷ সেহ সময়ত নিকেতন কর্তৃপক্ষৰ দ্বাৰা বিশেষ পদক্ষেপ লোৱা নাছিল যদিও পাছত এহ কথাটো আন অভিভাৱকসকলৰ অৱগত হোৱাত প্রধান আচার্যক জবাবদিহি কৰাৰ লগতে ছাত্রীগৰাকীক নিকেতনৰ পৰা বহিষ্কাৰ কৰিলৈ দাবী জনায়৷
ইয়াকে কেন্দ্র কৰি ধূপধৰা অঞ্চলত এক চেপা উত্তেজনাহ বিৰাজ কৰে৷ অৱশ্যে আন অভিভাৱকসকলৰ হেঁচাত ছাত্রীগৰাকীক নিকেতনৰ পৰা সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছিল যদিও অভিভাৱকসকল হয়াক লৈ মুঠেহ সন্তুষ্ট নহয়৷ ইফালে এহ ঘটনাক কেন্দ্র কৰি যোৱা ১২ আগষ্টত ৰাষ্ট্রীয় হিন্দু সেৱক সংঘৰ সদস্যহ ধূপধৰা আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত বিৰিয়ানি অনা ছাত্রীগৰাকীৰ পিতৃৰ বিৰুদ্ধে ধূপধৰা থানাত ১৭/২২ নম্বৰত গোচৰ ৰুজু কৰি আটক কৰাৰ লগতে আজি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ইফালে ছাত্রীগৰাকীৰ এনে কার্যক মুছলিম সম্প্রদায়ৰ লোকৰ লগতে প্রতিটো সম্প্রদায়ৰ লোকে একমুখে ধিক্কাৰ দিয়াৰ উপৰি এনেধৰণৰ নিকৃষ্ট কার্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ সমান্তৰালভাৱে এহ ঘটনাক সাম্প্রদায়িক বা অন্য ৰূপ নিদি বৃহত্তৰ ধূপধৰা অঞ্চলত সকলো জাতি–জনজাতি লোকৰ মাজত অতীজৰে পৰা থকা মিলা–প্রীতি অটুট ৰাখিবলৈ আহ্বান জনাহছে স্থানীয় ৰাইজে৷