ধেমাজিৰ চিচিবৰগাঁৱত চিঙিল গাই নৈৰ মথাউৰি, জলমগ্ন শতাধিক গাঁও
নিয়মীয়া বাৰ্তা ২১ জুনঃ ধেমাজি জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ ফলত গাইনদীৰ জলপৃষ্ঠ অস্বাভাবিকভাৱে বৃদ্ধি হৈ ইয়াৰ সোঁ- পাৰৰ মথাউৰিটোৰ ভেবেলি-গাইজান অংশত ওপৰেৰে পানী বাগৰি বিচ্ছিন্ন কৰি দিয়াৰ বাবে বিস্তীৰ্ণ অঞ্চল প্ৰবল বানত ডুব গৈছে ।
পুৱাৰ পৰা নদীৰ জলপৃষ্ঠ অস্বাভাবিকভাৱে বৃদ্ধি পোৱাটো লক্ষ্য কৰি স্থানীয় ৰাইজে জলসম্পদ বিভাগক খবৰ দিয়ে আৰু স্থানীয় ৰাইজে নিজে মথাউৰিটো সুৰক্ষা দিবলৈ চেষ্টা কৰে। কিন্তু বাঢ়নী পানী ওপৰেৰে বাগৰি যোৱাত ৰাইজৰ শ্ৰম অথলে গ’ল। প্ৰবল সোঁতে নিমিষতে বিচ্ছিন্ন কৰি দিয়ে মথাউৰিটো।
পলকতে প্ৰৱল বানত ডুব গ’ল বিস্তীৰ্ণ কৃষিভূমিৰ লগতে চিচিবৰগাঁও, শ্ৰীপানী, মৰিধল আৰু গোহাঁই গাওঁ পঞ্চায়তৰ ভেবেলি গাইজান, হেমপুৰ, বৰধাম, গাই দেউৰী, লালুং, কপাহতলি, কেৰেকণি, মাজগাওঁ, বৰাছিয়া, কল্পনাপুৰকে আদি কৰি ত্ৰিশ খনৰো অধিক গাঁও।
ৰাইজৰ অভিযোগ অনুসৰি, জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই মথাউৰিটো ছিগিবলৈ পালে। মথাউৰিটোৰ তলেদি উহ ওলাই থকাৰ কথা ৰাইজে পূৰ্বেই জলসম্পদ বিভাগক খবৰ দিছিল। কিন্তু বিভাগে আগতীয়াকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। প্ৰণিধানযোগ্য যে জাতি, মাটি, ভেঁটি পৰৱৰ্তনকামী চৰকাৰে ৰাজ্যৰ বান নিয়ন্ত্রনত কোটি কোটি টকা খৰচ কৰিছে অথচ চিচিবৰগাঁৱৰ হাতীগড়ৰ পৰা চুমনি গাঁওলৈকে প্ৰতিবছৰে হোৱা বান সমস্যা প্রতিৰোধত বিভাগীয় তৎপৰতাক লৈ ৰৈছে প্রশ্ন চিহ্ন।
মাথো বিহঙ্গম দৃষ্টি প্ৰসাৰী অক্টোবৰ- নৱেম্বৰ মাহত নিৰ্মাণ কৰিব লগা মথাউৰি মাৰ্চ- এপ্ৰিল মাহত নিমাৰ্ণৰ নামত ম্যাদ উকলি যোৱা মথাউৰিৰ মেৰামতি কৰি কোটি কোটি ধন আৱণ্টন কৰি থকাহে দেখা গৈছে। যাৰ বাবে ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগটোৱে বাৰিষা আহিলেহে আঁচনি গ্ৰহণ কৰিব বিচৰা কাৰ্যত ক্ষোভিত হৈ উঠিছে সচেতন মহল তথা বিভিন্ন দল- সংগঠনে।
উক্ত ছিগা অংশত ৪ নং চিচিবৰগাঁও জিলা পৰিষদৰ সদস্য বাবুল চুতীয়া, চিচিবৰগাঁও গাঁও পঞ্চায়তৰ সভাপতি গিৰীণ চুতীয়াই উপস্থিত হৈ বিভাগীয় বিষয়া- কৰ্মীক শীঘ্ৰে উপযুক্ত ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। লগতে বানাক্ৰান্ত ৰাইজক সৰ্বতোপ্ৰকাৰৰ সহায়ৰ হাত আগবঢ়োৱাৰ কথা সদৰী কৰে।
একমাত্ৰ জলসম্পদ বিভাগৰ গাফিলতিৰ বাবেই গাই নদীৰ মথাউৰীৰ চিগি ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হৈছে চিচিবৰগাঁৱৰ নৈ- পৰীয়া ৰাইজ। এই অভিযোগ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা আৰু সাধাৰন সম্পাদক কল্যাণ গগৈৰ। আজি নৈ খনৰ ভেবেলি-গাইজান অংশৰ মথাউৰি বিধ্বস্ত হৈ বান পৰিস্থিতিৰ সৃষ্টি হোৱা অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ আহি সংগঠনটোৱে ইয়াৰ বাবে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ছাত্ৰ নেতাদ্বয়ে পুনৰ কয় যে, ৩১ মে’ৰ পূৰ্বে ৰাজ্যখনৰ সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণৰ নিৰ্দেশ দিয়া সত্বেও পালন নকৰিলে খোদ মুখ্যমন্ত্ৰীৰেই নিৰ্দেশ।
বাৰিষাত সাম্ভাব্য ভয়াৱহ পৰিস্থিতিৰ কথা পূৰ্বানুমান কৰিয়েই সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই গাইনদী, ব্ৰহ্মপুত্ৰৰ লগতে জীয়াঢ়লৰ মথাউৰিটো সবলভাৱে নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই আহিছিল। অথচ চৰম অকৰ্মণ্যতাৰ পৰিচয় দাঙি ধৰি চৰকাৰী বিভাগে গুৰুত্ব প্ৰদান নকৰিলে সংগঠনটোৰ আবেদন- নিবেদন। ফলশ্ৰুতিত আজিৰ দৰে পৰিস্থিতি সৃষ্টি হ’বলৈ পালে। লগতে অনুৰূপ পৰিস্থিতি ক্ষয়িষ্ণু দিজমুৰ সোণাৰী মথাউৰিৰ লগতে জীয়াধলৰ দুৰ্বল মথাউৰীৰ ক্ষেত্ৰত হ’ব বুলি মন্তব্য কৰি ক্ষিপ্ৰতাৰে বানাক্ৰান্তৰ উদ্ধাৰৰ লগতে প্ৰয়োজনীয় সাহায্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।
উল্লেখযোগ্য যে, আজি গাইনদীৰ বান পৰিস্থিতি বুজ ল’বলৈ অহা ধেমাজি জিলা আছু আৰু চিচিবৰগাঁও আঞ্চলিক আছু কৰ্মীসকলে বানবিধ্বস্ত অঞ্চলটোৰ শিশু আৰু বয়স্ক লোকৰ সহায়ৰ বাবে ৰাইজৰ মাজত সোমাই পৰে।