ধ্বংসস্তূপত পৰিণত শিৱসাগৰত লক্ষাধীক টকা মূল্যৰ ৰাজহুৱা শৌচাগাৰ; নিৰ্বিকাৰ প্ৰশাসন
নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট: ঐতিহাসিক শিৱসাগৰ চহৰৰ মাজমজিয়াৰ শিৱ দৌলৰ সমীপতেই জনসাধাৰণৰ সুবিধাৰ্থে পৌৰ সঞ্চালকালয়ৰ সৌজন্যত স্থাপন কৰা পাঁচ টাকৈ ৰাজহুৱা শৌচালয়ৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই সচেতন মহলৰ চকু কঁপালত তুলিছে ৷জনসাধাৰণৰ হিতাৰ্থে চহৰৰ মাজমজিয়াত বৃহৎ সংখ্যক পুঁজি ব্যায়ৰে স্থাপন কৰা শৌচাগাৰ কেইটা কাৰ্য্যত ভালুকৰ সাঙীত পৰিণত হোৱাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷পৌৰ সঞ্চালকালয়ে স্থাপন কৰা শৌচালয় কেইটা পোনপটীয়াকৈ শিৱসাগৰ পৌৰসভাৰ দায়িত্বত থকাৰ পিছতো কিয় শৌচালয় কেইটাৰ অৱস্থা ইমান ভয়াৱহ হৈ পৰিল তাক লৈ প্ৰশ্ন উঠিছে ৷বিশেষকৈ পৌৰ সঞ্চালকালয়ৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা নিয়োগ কৰা ঠিকাদাৰৰ হতুৱাই নিৰ্মাণ কৰা মূল্যবান শৌচালয় কেইটাই প্ৰকৃতাৰ্থত ৰাইজৰ হিত সাধন কৰাৰ পৰিৱৰ্তে নিৰ্মাণত জড়িত ঠিকাদাৰ গোষ্ঠীৰহে হিত সাধন কৰিলে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে ৷
উল্লেখ্য যে, কভিড মহামাৰীৰ পুৰ্বে পৌৰ সঞ্চালকালয়ে শিৱসাগৰ চহৰৰ তিনিটা স্থানত এনে আটক ধূনীয়া শৌচালয় নিৰ্মাণৰ বাবে নিৱিদাৰ ভিত্তিত ঠিকাদাৰক দায়িত্ব দিছিল ৷শিৱসাগৰ পৌৰ সভাই নিৰ্দ্ধাৰণ কৰি দিয়া পৰিবহণ নিগম আস্থান চৌহদ, আনন্দৰাম বৰুৱা উদ্যাণ আৰু বৰপুখুৰী পাৰৰ শিৱদৌলৰ সমীপত এই শৌচালয় কেইটা স্থাপন কৰা হৈছিল ৷বাহিৰে ৰং চঙীয়া ভিতৰে কুঁৱাভাতুৰি শীৰ্ষক আপ্ত বাক্যশাৰীৰ দৰেই নিৰ্মাণ কৰা শৌচালয় কেইটাৰ নিৰ্মাণ কাৰ্য্যৰ মান দণ্ড ইমানেই নিম্ন মানৰ আছিল যে ব্যৱহাৰৰ তিনিটা মাহৰ ভিতৰতেই সম্পুৰ্ণ মজিয়া ভাঙি চুৰ্ণাকৃৰ্ত হৈছিল ৷এৰাই গৈছিল দেৱালৰ প্লাষ্টাৰ ৷অতি নিম্ন মান দণ্ডৰ নিৰ্মাণ কাৰ্য্যৰে সম্পুৰ্ণ কৰা শৌচালয়কেইটা স্থাপন কৰা শিৱদৌলৰ সেই স্থানটো বিগত এটা বছৰ ধৰি এক বিশৃংখল ৰূপ ধাৰণ কৰিছে ৷পৌৰ সভাৰ চুড়ান্ত হেমাহীৰ বাবেই শৌচালয়টো হাবি,জংঘল, লতাই আগুৰি ধৰাৰ লগতে পৌৰ সভাৰ কৰ্মচাৰীয়ে সেই স্থানত পেলাইছে একাধিক পেলনীয়া সামগ্ৰী ৷শেহতীয়াকৈ এটা বছৰৰ পুৰ্বে পৌৰ সভাই শৌচালয়ৰ সন্মুখতেই বৃহত বৃহত ভগা শ্লেৱ পেলোৱাৰ লগতে এখন বিকল টেইলাৰ সেই স্থানতেই পৰিত্যক্ত অৱস্থাত এৰি থৈ গৈছে ৷
ইফালে কেওটা শৌচালয়ৰ ওপৰত পাঁচটাকৈ এহেজাৰ লিটাৰ বহন ক্ষমতাৰ পানীৰ টেংকী স্থাপন কৰা হৈছিল ৷প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল যদিও কেইদিনমানৰ পিছতেই আৰম্ভ হৈছিল ধংস মুখী যাত্ৰা ৷একমাত্ৰ তদাৰকৰ অভাৱ আৰু পৌৰ কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই সম্প্ৰতি এই শৌচালয়লৈ মহিলাটো দুৰৈৰে কথা পুৰুষো যাৱ নোৱাৰে ৷যিহেতু প্ৰতিনিয়ত শিৱদৌলৰ অহা দৰ্শনাৰ্থীৰ একাংশই প্ৰাতকৰ্ম সম্পাদনৰ বাবে এই শৌচালয়টোৱে গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰিছিল ৷কিন্তু সম্প্ৰতি শৌচালয় কেইটা ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ বাবে পথাচাৰীৰ লগতে দৰ্শনাথী সকলেওঁ চৰম সমষ্যাৰ মুখত পৰিছে ৷সচেতন মহলে এই ক্ষেত্ৰত জনসাধাৰণৰ সুবিধাৰ্থে তাৎক্ষনিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷