নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ: নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ আজিৰে পৰা দুদিনীয়াকৈ সোণালী জয়ন্তী সামৰণী অনুষ্ঠান অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনৰে সোণালী জয়ন্তীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ড: টুলুমণি দেবীয়ে । স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে প্ৰাক্তন অধ্যক্ষা চন্দ্ৰ প্ৰভা হাজৰিকাই । ইয়াৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক শুভাযাত্ৰা মুকলি কৰে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । এই উপলক্ষে দিয়া ভাষনত আৰক্ষী অধীক্ষক গৰাকীয়ে কয় এনে ধৰণৰ সাংস্কৃতিক শুভাযাত্ৰাই সকলোৰে মাজত ঐক্য সংহতিৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে । শিক্ষাবিদ পুলিন হাজৰিকা আৰু পৰিচালনা সমিতিৰ কাৰ্যকৰি সভাপতি প্ৰভাত বৰাই সঞ্চালনা কৰা সভাখনত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি শিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দ্বায়বদ্ধতাৰে গ্ৰহন কৰিবলৈ আহবান জনাই । অনুষ্ঠানত জয়ন্ত গোস্বামী , ৰঞ্জিত গায়ন , পুনিৰাম শইকীয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত শিক্ষৰ্থি সকলে গীত মাত নৃত্য আদি পৰিবেশন কৰে । সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ কাইলৈ সামৰনী পৰিব ।