নগাঁও জিলাৰ পৌৰ নিৰ্বাচনৰ বাবে বিজেপি দল সাজুঃ ভৱেশ কলিতা
নিয়মীয়া বাৰ্তা,৩০ জানুৱাৰী: অসমৰ ৰাইজে কংগ্ৰেছ দলক ইতিমধ্যে বাই বাই দিছে। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই যি কবিতা লিখিবলৈ আৰম্ভ কৰিছে , এতিয়া তেওঁৰ বহু সময় হাতত আছে। মই অসম সাহিত্য সভাৰ কাণ্ডাৰী সকলক অনুৰোধ জনাম যাতে ভূপেন বৰা ডাঙৰীয়াক অসম সাহিত্য সভাই সদস্য পদ দি সাহিত্য সৃষ্টিৰ সুবিধা দিয়ে। – এই মন্তব্য আগবঢ়ায় ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ভৱেশ কলিতাৰ। আজি নগাঁও চহৰস্থিত নগাঁও প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপি দলৰ নগাঁও আৰু মৰিগাঁও জিলাৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহন কৰিবলৈ আহি গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য আগবঢ়ায়। তেওঁ আৰু কয়- আগন্তুক পৌৰ সভা নিৰ্বাচনৰ বাবে বিজেপি দল সম্পূৰ্ণ ৰূপে সাজু। আজি নগাঁও জিলাৰ নগাঁও পৌৰসভা, কামপুৰ, ধিং আৰু ৰহা পৌৰসভা নিৰ্বাচনত বিজেপি দলৰ জয়ী হৈ অহাৰ বাবে যাৱতীয় পৰিকল্পনা যুগুত কৰা হৈছে আৰু এই তিনিওখন পৌৰসভাত আমাৰ দল জয়ী হৈ অহাটো এশ শতাংশ নিশ্চিত বুলি সভাপতি ভৱেশ কলিতাই মন্তব্য প্ৰকাশ কৰে। আজিৰ এই সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ডিপ্লুৰঞ্জন শৰ্মা, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথকে ধৰি জ্যেষ্ঠ নেতা সকল উপস্থিত থাকে।