নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ: নগাঁও শিক্ষন মহাবিদ্যালয়ৰ দুদীনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা সোনালী উৎসৱ উদযাপন সমিতিৰ আজি সফল সামৰনি পৰে ৷ আজি পুৱা স্বচ্ছতা অভিযানেৰে কাৰ্য্যসূচী আৰম্ভ হোৱা সোনালী জয়ন্তী উৎসৱটিৰ দহ বজাত ৰাষ্ট্ৰীয় শিক্ষানীতি -২০২০ শীৰ্ষক আলোচনা চক্ৰটিৰ সঞ্চালনা কৰে নগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক বিশ্বজিৎ ভূঞাই ৷ আলোচনা চক্ৰখনিত আলোচক হিচাপে উপস্থিত থাকে শিক্ষাবিদ গবেষক তথা এ,ডি,পি কলেজৰ প্ৰাক্তন অধ্যাপক ড°
সঞ্জীৱ বৰকাকতি দেৱে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শৈক্ষিক ব্যৱস্থাৰ আমূল পৰিবৰ্তন কৰিব বুলি কৈ এই শিক্ষানীতিয়ে দেশৰ কৰ্মসংস্থাপন পথ মুকলি কৰিব বুলি মন্তব্য কৰে ৷ শিক্ষাবিদ গৰাকীয়ে লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বহু যোগাত্মক আৰু ইয়াৰ নেতিবাচক দিশ সমূহৰ ওপৰতো বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে ৷আলোচনা চক্ৰখনিত উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ গবেষক তথা জাতীয় আদৰ্শ বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি
প্ৰভাত চন্দ্ৰ দাসে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কত বিশদভাৱে বক্তব্য দাঙি ধৰি কয় যে পৃথিৱীখনক বৰ্তমান গ্ৰন্থই নিয়ন্ত্ৰণ কৰিছে ৷গ্ৰন্থ অবিহনে আমি পৃথিৱীৰ সভ্যতা সংস্কৃতিৰ বিষয়ে নাজানিলোহেতেন বুলি কৈ শিক্ষাবিদ দাসে জাপান ,জাৰ্মান ,আমেৰিকাৰ শিক্ষানীতিৰ বিভিন্ন তথ্যসম্বলিত দিশৰ এক তত্ত্ব গধুৰ বক্তব্য আগবঢ়ায় ৷জনসংখ্যা বৃদ্ধি ,আমোলাৰ প্ৰভাৱ,ৰাজনীতিৰ প্ৰভাব,আশ্বিয় শিক্ষানীতিৰ সফল ৰূপায়নত ব্যৰ্থ হৈ আহিছে বুলিও দাসে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷অনুষ্ঠানটিত শ্ৰী মন্ত শংকৰদেৱ বিশ্ববিদ্যালয়,নগাঁৱৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ত্ৰিবেণী শইকীয়াই নতুন শিক্ষানীতি২০২০ ৰ ওপৰত চমুকৈ ব্যাখ্যা দাঙি ধৰে ৷সভাখনত চৰকাৰী মহাবিদ্যালয়খনিৰ অধ্যক্ষা ড°টুলুমনি দেৱীয়ে শিক্ষন মহাবিদ্যালয় খনিয়ে ভুগি অহা বিভিন্ন সমস্যাৰাজিৰ লগতে মহাবিদ্যালয়খনৰ অতীতৰ গুন গৰিমাৰ সম্পৰ্কতো বক্তব্য দাঙি ধৰে ৷ বিয়লি উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ভবেন বৰাৰ সভাপতিত্বত মুকলি সভাখনৰ সভাৰ উপস্থিত থাকি শিক্ষাবিদ,সমাজকৰ্মী তথা সংগঠক সঞ্জীৱ গোস্বামী,গুননিধি মহন্ত,নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰ,অবসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চোটেলাল গুপ্তা,বৰক’লা হায়াৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ প্ৰতাপ সিং,প্ৰাক্তন শিক্ষক ৰঞ্জিত গায়ন ,বিশিষ্ট শিক্ষাবিদ ,গবেষক প্ৰভাত চন্দ্ৰ দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে শিক্ষক হবলৈ কি কি গুনৰ অধিকাৰী হব লাগিব তাৰ ওপৰত বক্তব্য দাঙি ধৰি মহাবিদ্যালয় খনৰ গুণ-গুৰিমাৰ ওপৰত ব্যাখ্যা দাঙি ধৰে ৷ ইয়াৰ পূৰ্বে কালি প্ৰথম দিনা কাৰ্য্যসূচীত এক বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লয় নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ,প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱা , শিক্ষাবিদ পুলিন হাজৰিকাকে ধৰি ন-পুৰনি শিক্ষক প্ৰশিক্ষাৰ্থীসকলে ৷ ইয়াৰ পিছতে ন পুৰনি ছাত্ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন হোৱাৰ লগতে সুগায়ক বৰন বিকাশৰ সংগীতানুষ্ঠানে সকলোকে মোহিত কৰি তোলে ৷ সভাত মহাবিদ্যালয়ৰ শিক্ষাব্ৰতী নামৰ এখন স্মৰনিকাও উন্মোচন কৰা হয় ৷

You might also like