নগাঁৱত কংগ্রেছ নেতা কর্মীৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ নগাঁও সদৰ সমষ্টিৰ কেইগৰাকী কংগ্রেছ নেতা–কর্মীয়ে শনিবাৰে বিজেপি দলত যোগদান কৰে৷ ৰঙাগডা হুজগাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাসহ অর্ধ শতাধিক কংগ্রেছ নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাৰ বাসগৃহত কংগ্রেছৰ নেতা–কর্মীসকলে বিজেপি দলত যোগদান কৰে৷ বিজেপিত যোগদান কৰি আঞ্চলিক পঞ্চায়তৰ সদস্য ৰজনী ৰাজখোৱাই কয়, বিজেপি দলৰ নীতি আদর্শৰ প্রতি আকর্ষিত হৈ মই বিজেপি দলত যোগদান কৰিছোঁ৷ বিজেপি দলেহে সকলো শ্রেণীৰ ৰাইজৰ উন্নয়ন সাধন কৰিব পাৰিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবকা সাথ সবকা বিকাশ নীতিৰ প্রতি সকলো আকর্ষিত হৈছে৷ বিজেপি দলেহে অসমৰ স্বার্থ সুৰক্ষিত কৰিব পাৰিব৷ অৰূপ কলিতা, ৰশ্মি ডেকা ৰাজখোৱা, জুণ্টি দাস, মৃণালী বৰা, দধি বৰা, পৱিত্র ৰাজখোৱাৰ নেতৃত্বত অর্ধশতাধিক কংগ্রেছী নেতা–কর্মীয়ে বিজেপিত যোগদান কৰে৷ বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰাসকলক আদৰণি জনায়৷