নগাঁৱত কৃষক সভাৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ অসমৰ ভূমি উদ্যোগপতিক গতাই দিয়াৰ বাবে বিজেপি চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে অসম ৰাজ্যিক কৃষক সভা আৰু নগাওঁ জিলা কৃষক পৰিষদে।
আজি নগাওঁ চহৰৰ মতিৰাম বৰা উদ্যানৰ সন্মুখত দুয়োটা সংগঠনৰ সদস্য সকলে বিজেপি চৰকাৰে অসমৰ কৃষক সকলক ভাতে মৰাৰ বাবে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ধৰ্ণাত অংশগ্ৰহণ কৰা দুয়োটা সংগঠনৰ সদস্য সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে। তেওঁলোকে চৰকাৰৰ নতুন উদ্যোগনীতিৰ অধ্যাদেশ শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনায়।