নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত গাহৰিয়ে খালে মৃত নৱজাতক

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ মানৱতাক ভূলুণ্ঠিত কৰা এটা ঘটনাই আজি জোকাৰি গ’ল নগাঁও চহৰ৷ আজি পুৱাই চহৰখনৰ গোৰস্থানৰ ওচৰত পথৰ দাঁতিত কোনো হূদয়হীনে পেলাই থৈ যোৱা এটি নৱজাতক গাহৰিয়ে ভক্ষণ কৰে৷ সেই দৃশ্যই পথচাৰী ৰাইজৰ চকু সেমেকাই তোলে৷ গাহৰিয়ে নৱজাতকটিৰ কঁকাল পর্যন্ত ভক্ষণ কৰে৷ পথচাৰীয়ে সেই বিভৎস দৃশ্য প্রত্যক্ষ কৰি হুৱাদুৱা লগায়৷ লগে লগে সেই স্থানত বহু লোক সমৱেত হয় আৰু নৱজাতকটিক ভক্ষণ কৰি থকা গাহৰিকেইটাক খেদি পঠিয়ায়৷ সেই লোকসকলে নগাঁও আৰক্ষীকো ঘটনাৰ বিষয়ে খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিৰ মৃতদেহটো নিজৰ জিম্মাত লয়৷ উল্লেখ্য যে আৰক্ষীয়ে ঘটনাস্থলীলৈ যোৱাৰ পূর্বেই গাহৰিয়ে নৱজাতকটিৰ দেহৰ আধা অংশ ভক্ষণ কৰে৷ নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত আৰম্ভ কৰিছে৷ স্মর্তব্য যে বিগত কেইটামান বছৰৰ পৰা নগাঁও চহৰ আৰু ইয়াৰ পার্শৱর্তী এলেকাত সঘনাই নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে৷ আনকি কালিও চহৰখনৰ সমীপৱর্তী পলাশনিত এখন দলঙৰ তলত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ অবৈধ আৰু অবাঞ্ছিত মাতৃত্বৰ কলংকৰ পৰা পৰিত্রাণ পাবলৈকে এই নৱজাতকক জন্মৰ পিছতেই পেলাই থৈ যায় বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ অৱশ্যে এনে জঘন্য ঘটনা সন্দর্ভত আৰক্ষীৰ তদন্তই কোনোদিনাই গতি লাভ নকৰে৷ কোনো এটা ঘটনাৰেই ৰহস্য ভেদ কৰিব পৰা নাই আৰক্ষীয়ে৷

You might also like