নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত জটিল বান পৰিস্থিতি

ভূৰবন্ধা-বৰঘূলিত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ ব্ৰহ্মপুত্ৰ, বৰপানী আৰু কপিলীৰ জলপৃষ্ঠ ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰিছে যদিও নগাওঁ জিলাৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। ব্ৰহ্মপুত্ৰ-কপিলী-বৰপানী নদীৰ বাঢ়নী পানীয়ে আজিও জিলাখনৰ ন ন অঞ্চল বুৰাই পেলাইছে। নগাওঁ জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি আজি কামপুৰ ৰাজহ চক্ৰৰ ১০ খন, ৰহা ৰাজহ চক্ৰৰ ৭ খন, কলিয়াবৰ ৰাজহ চক্ৰৰ ৩ খন গাঁও নতুনকৈ বানপানীৰ কৱলত পৰিছে। আহাৰ মহীয়া বানৰ কৱলত পৰি জিলাখনৰ বান পীড়িত লোক সকলৰ বিলৈ-বিপত্তিৰ সীমা নোহোৱা হৈছে। বহুলোকে নিৰাপদ স্থান আৰু আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে যদিও উপযুক্ত সাহাৰ্য নিদিয়াৰ অভিযোগ উঠিছে। জিলা প্ৰশাসনে আজি প্ৰকাশ কৰা তথ্য অনুসৰি কলিয়াবৰ ৰাজহ চক্ৰৰ ১৬ খন, ধিং ৰাজহ চক্ৰৰ ১০ খন, ৰহা ৰাজহ চক্ৰৰ ৪২ খন, চামগুৰি ৰাজহ চক্ৰৰ ১০ খন, কামপুৰ ৰাজহ চক্ৰৰ ৬৫ খন আৰু ৰূপহী ৰাজহ চক্ৰৰ ৫ খন সহ ১৪৮ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।

বেচৰকাৰী সূত্ৰই জনোৱা মতে জিলাখনত ১৮০ খনৰো অধিক গাঁও বানৰ কৱলত পৰাৰ লগতে ৮০ হাজাৰৰো অধিক লোক এইবাৰ বানত ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনে আজি দিয়া তথ্য অনুসৰি কলিয়াবৰ ৰাজহ চক্ৰত ৬৮৬ হেক্টৰ, ধিং ৰাজহ চক্ৰত ৩২৪ হেক্টৰ, ৰহা ৰাজহ চক্ৰত ৩৪৫৭ হেক্টৰ, চামগুৰি ৰাজহ চক্ৰত ৩২৭ হেক্টৰ, কামপুৰ ৰাজহ চক্ৰত ১৭৯৬ হেক্টৰ, ৰূপহী ৰাজহ চক্ৰত ১৬৩ হেক্টৰ সহ মুঠ ৭১৫৩ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে। আনহাতে জিলা কৃষি বিভাগে দিয়া তথ্য অনুসৰি জিলাখনৰ ১৭১ খন ৰাজহ গাঁৱৰ প্ৰায় ২০০০০ কৃষক পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে। ইপিনে বৰপানী আৰু কপিলী নদীয়ে জিলাখনৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ ন ন অঞ্চল বুৰাই পেলাইছে। কেঁকুৰীবাৰী, পামিলটি, কছাৰীখন্দা, ১ আৰু ২ নং জুকুটা, ১ আৰু ২ নং মিছামাৰী, মৰিসুতি, শিমলুগুৰি, চৌবড়ি, কামগাঁও, লাওখুলাবড়িকে ধৰি বহু কেইখন গাঁও আজি এই দুইখন নদীৰ বানৰ কৱলত পৰিছে।

ইপিনে জিলাখনৰ ২ নং, ৩ নং বৰঘূলি আৰু ভূৰবন্ধা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে খহনীয়া অব্যাহত ৰাখিছে। ইতিমধ্যে এই খহনীয়াৰ ফলত এই অঞ্চল কেইটাৰ বহু এলেকা ব্ৰহ্মপুত্ৰ নদীত জাহ গৈছে। এইবাৰ খহনীয়াৰ ফলত এই অঞ্চলত সহস্ৰাধিক লোকৰ বাসগৃহ খহনীয়াৰ কৱলত পৰিছে। ফলত খহনীয়াৰ কৱলত পৰা লোকসকলে এতিয়া হাহাকাৰ কৰি ফুৰিব লগীয়া হৈছে। নগাওঁ জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি আজি ব্ৰহ্মপুত্ৰ নদী জিলাখনৰ শিলঘাটত বিপদসীমাৰ ১০ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে, কামপুৰত কপিলী বিপদসীমাৰ ৮০ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে, নগাওঁ চহৰত কলং নৈৰ পানী ৬৭ ছেন্টিমিটাৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰহাত কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে যদিও বিপদসীমা অতিক্ৰম কৰিবলৈ এতিয়াও ৫ ছেন্টিমিটাৰ বাকী আছে। লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য আজিও সম্পূৰ্ণ জলমগ্ন হৈ আছে।

You might also like