নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ঠিকাদাৰক অপহৰণ ড্রাগ্ছ আসক্তৰ

 নিয়মীয়া বাৰ্তা, ২৭ জুনঃ এজন ঠিকাদাৰক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ’ল দুজনকৈ ড্রাগছ আসক্ত যুৱক৷ ধৃত যুৱক দুজন হ’ল নগাঁও চহৰৰ পার্শ্বৱর্তী শিয়ালমাৰীৰ ছাইফুল মিঞা আৰু আমিৰ হুছেইন৷ আৰক্ষী সূত্রই জনোৱা মতে, নগাঁও চহৰৰ পার্শ্বৱর্তী শিয়ালমাৰীৰ দুই ড্রাগছ আসক্ত তাইনুল আৰু চামচুল নামৰ আন দুইড্রাগছ আসক্তৰ লগ লাগি ঠিকাদাৰজনক অপহৰণৰ পৰিকল্পনা কৰে৷ পৰিকল্পনা অনুসৰি মৰিগাঁৱৰ কৰতিপামৰ মোজাম্মিল হক নামৰ ঠিকাদাৰজনক কৌশলেৰে নগাঁৱলৈ মতাই আনি নগাঁৱৰ পৰাই অপহৰণ কৰিছিল৷

আনকি অপহৰণকাৰী দলটোৱে ঠিকাদাৰজনৰ মুক্তিপণৰ বিনিময়ত এক লাখ টকাও তেওঁৰ পৰিয়ালৰ লোকক ফোনযোগে দাবী কৰিছিল৷ পিছত অপহূত ঠিকাদাৰজনৰ পৰিয়ালৰ লোকে এই সন্দর্ভত নগাঁও সদৰ থানাত এখন এজাৰৰ দাখিল কৰে৷ এই এজাহাৰ মর্মে নগাঁও আৰক্ষীয়ে ১৫২৪/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ পিছত যোৱানিশা নগাঁও আৰক্ষীয়ে অভিযান চলাই শিয়ালমাৰী অঞ্চলৰ কলঙৰ পাৰৰ পৰা অপহূত ঠিকাদাৰগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী ছাইফুল মিঞা আৰু আমিৰ হুছেইনক গ্রেপ্তাৰ কৰে যদিও আন দুজনে পলায়ন কৰিবলৈ সক্ষম হয়৷ ইপিনে, বর্তমানেও পলাতক অৱস্থাত থকা অন্যতম অপহৰণকাৰী তাইনুল আৰু চামচুলৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷

You might also like