নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ সৰৱ প্ৰতিবাদ
নিয়মীয়া বার্তা, ১০ জুলাইঃ নগাঁও চহৰত ড্ৰাগছ আসক্ত যুৱকৰ কবলত পৰি এগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ পিছতে আজি সৰৱ হৈ পৰে নগাঁও জিলা ছাত্ৰ সন্থা। নগাওঁ জিলা ছাত্ৰ সন্থাই আজি ড্ৰাগছৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। নৱপ্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহন কৰিবলৈ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই চৰকাৰক দাবী জনাইছে। আজি জিলা ছাত্ৰ সন্থাই জিলা খনত অবাধে চলি থকা ড্ৰাগছ, তীৰ, জোৱা, গাঞ্জা আদিৰ ব্যৱসায় তৎকালীন ভাবে বন্ধ কৰাৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকনৰ নেতৃত্বত ছাত্ৰ সন্থাৰ সদস্য সকলে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ সন্থাৰ সদস্য সকলে ড্ৰাগছ বিৰোধী বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। দীৰ্ঘদিন ধৰি নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলিথকাৰ পিছতো ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহন নকৰাত জিলা ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। জিলাখনত ড্ৰাগছ, তীৰ, গাঞ্জা আদি ব্যৱসায় শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায় নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে জিলা ছাত্ৰ সন্থাই অসমৰ মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত ছাত্ৰ সন্থাই উল্লেখ কৰিছে যে জিলা খনত ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে।
মাজে সময়ে জিলা প্ৰশাসনে এই ব্যৱসায়ৰ লগত কিছু লোকক কৰায়ত্ত কৰিছে যদিওঁ এই ব্যৱসায় লগত জড়িত মাফিয়া সকলক জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগে শক্তিশালী ব্যৱস্থা গ্ৰহন কৰাত সফল হোৱা নাই। নৱপ্ৰজন্মক ধ্বংস কৰাৰ স্বাৰ্থত নিয়োজিত এই ব্যৱসায়ৰ লগত জড়িত মাফিয়া সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্ঠান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে জিলা ছাত্ৰ সন্থাই। লগতে স্মাৰক পত্ৰত উল্লেখ কৰিছে যে নতুন প্ৰজন্মৰ ভবিষ্যত সুৰক্ষার্থে অসম চৰকাৰৰ গৃহ বিভাগক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।