নগাঁৱত তাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ তাই আহোম জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবীত আজি নগাও জিলা তাই আহোম ছাত্র সন্থাৰ উদ্যোগত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰা হয়।প্ৰতিবাদ কাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় ,অসম চৰকাৰ হায় হায়,তাই আহোমক জনজাতি কৰন লাগিবই আদি ৷ বিভিন্ন ধ্বৰ্নি দি পৰিবেশ উত্তাল কৰি তোলে ৷ তাই আহোম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰিংকু বৰাই চৰকাৰক শীঘ্ৰে তাই আহোম জনগোষ্ঠীক জনজাতি কৰনৰ ব্যৱস্থা লবলৈ চৰকাৰক দাবী জনাই ৷ চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহন নকৰিলে সন্থাই ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে ৷