নগাঁৱত দুটা হস্তনিৰ্মিত পিষ্টল সহ এজন অপৰাধী গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চ: নগাঁৱৰ ৰহা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি আজি নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী ৰহা আৰক্ষী থানাৰ অন্তৰ্গত গছপাৰা গাৰো গাৱৰ পৰা এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী জন হ’ল-জেকী বাৰ্থ কে চাংমা।আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা দুটা হস্তনিৰ্মিত পিষ্টল,চাৰিখন দেগাৰ,দুখন খুৰকী,আঠজাই গুলি, তিনিটা মোবাইল ফোন আৰু কেতবোৰ আপত্তি জনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে জনোৱা মতে জেকীয়ে পিষ্টল নিজে নিৰ্মাণ কৰি নিজৰ কামত ব্যৱহাৰ কৰে।পশ্চিম কাৰ্বি আংলং জিলাৰ জংঘল এলেকাত দীৰ্ঘদিন ধৰি বন্যপ্ৰাণী হত্যা কৰি এক ব্যৱসায় চলাই আহিছে।