নগাঁৱত পুনৰ এনকাউন্টাৰ: আৰক্ষীৰ মষ্ট ৱাণ্টেড ইফু গুণ্ডা গুলীবিদ্ধ; গ্ৰেপ্তাৰ ৭ অভিযুক্ত
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ নগাঁও চহৰৰ এগৰাকী ড্ৰাগছ মাফিয়া তথা যুৱ কংগ্ৰেছৰ নেতা আব্দুল বাছেদ ওৰফে ইফু নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ এক অভিযানকাৰী দলৰ হাতত এনকাউন্টাৰত গুৰুতৰ ভাবে আহত হয়। আজি নিশা প্ৰায় ৯.৩০ মান বজাত ইফুৰ আজাদ নগৰস্থিত বাসভৱনত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই তেওঁক কৰায়ত্ত কৰিবলৈ অভিযান চলোৱাৰ মূহুৰ্তত দুধৰ্ষ অপৰাধীটো পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীয়াবলৈ বাধ্য হয়। আৰক্ষীৰ গুলি তেওঁৰ সোঁ ভৰিত লগাত ড্ৰাগছ মাফিয়া ইফু গুৰুতৰ ভাবে আহত হয়।
উল্লেখ্যযোগ্য যে, বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত দীৰ্ঘদিন ধৰি জৰিত ইফুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাওয়ো সফল হোৱা নাছিল যদিও আজি আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰে। বিভিন্ন সময়ত বিভিন্ন অপৰাধজনিত ঘটনাৰ বাবে তেওঁৰ বিৰুদ্ধে নগাঁও সদৰ থানাকে ধৰি বিভিন্ন আৰক্ষী থানাত কেবাটাও গোচৰ ৰুজু হৈ আছে। বিগত সাত বছৰ পুৰ্বে নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ বৰবজাৰস্থিত নিজা বাসভৱনত আক্ৰমণ কৰাৰ অপৰাধত জেল হাজোতৰ ভাত খাব লগা হৈছিল ইফু। ইয়াৰ পৰবৰ্তী সময়ত জেলৰ পৰা ওলাইয়ে তেওঁ পুণৰ ড্ৰাগছকে বিভিন্ন অপৰাধৰ সাম্ৰাজ্য অব্যাহত ৰখা ইফু আজি পলাবলৈ লওতেই আৰক্ষীৰ হাতত গুলিবিদ্ধ হ’ব লগা হয়। এই দুধৰ্ষ অপৰাধী টোৰ লগত থকা আন , , ৭জন ব্যক্তিকো আৰ ক্ষীয়ে ঘটনাস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিবলৈ দিয়ে। ইপিনে, ঘটনাৰ পাছতে আহত ইফুক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈছে।