নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী দিৱসৰ কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাঃ সকলো বিষয়া-কর্মীক জনালে শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী দিৱস উপলক্ষে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সৈতে জড়িত সকলো কর্মীলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ লগত সংগতি ৰাখি তেখেতে গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা কৰ্মীসকলক ৰাজ্য আৰু ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়।

অসম আৰক্ষীক আইন-শৃংখলা বজাই ৰখাত সহায় কৰা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণক সহায় কৰাৰ বাবে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি মুখ্যমন্ত্রীয়ে ড্ৰাগছ জব্দ কৰাত তথা অবৈধ বেদখলকাৰীৰ পৰা কাজিৰঙাক সুৰক্ষা দিয়াৰ ক্ষেত্রত তেখেতসকলৰ ভূমিকাৰো শলাগ লয়।

তদুপৰি বিশেষ দিনটোত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কর্মীসকললৈ তেখেতসকলৰ নিঃস্বাৰ্থ সেৱাৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰে।

পানীখাইতীত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানটিত মুখ্যমন্ত্রীৰ সহিতে মন্ত্রী অশোক সিংহল প্রমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

You might also like