নগাঁৱত প্রথমটো আর্ট ভিলেজৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ ‘নগাঁও সাহিত্য–সংস্কৃতিৰে সমৃদ্ধ এক ঐতিহ্যমণ্ডিত ঠাই৷ মোৰ ঘৰ নগাঁৱত যদিও মই ইয়াৰ পৰা যোৱা বহু বছৰ হ’ল৷ আমি থকা সময়ত কোনো আর্ট ভিলেজ নাছিল৷ এতিয়া উদীয়মান শিল্পী সুজিত দাসে প্রথম আর্ট ভিলেজ স্থাপন কৰি এক মহৎ কাম কৰিলে৷ নিশ্চিতভাৱে এই কার্যই নৱপ্রজন্মক কলাৰ প্রতি আগ্রহী কৰি তুলিব৷’– এই মন্তব্য অসমৰ বিশিষ্ট চিত্রশিল্পী ড০ জিতেন হাজৰিকাৰ৷
নগাঁৱৰ চিত্রশিল্পী সুজিত দাসৰ কৃষ্ণাহল চাৰিআলিস্থিত বাসভৱনত স্থাপন কৰা আর্ট ভিলেজ উদ্বোধন কৰি চিত্রশিল্পী হাজৰিকাই আৰু কয়– ‘সুজিতৰ প্রয়াস দেখি মই আনন্দিত হৈছোঁ৷ আমাৰ এটা কথা আছে– অকলে যেতিয়া আগবাঢ়ি যাওঁ সেইটোক আমি গতি বুলি কওঁ৷ এই গতিবোৰক লগ লগাই লৈ যাব পৰাটোক প্রগতি বুলি কোৱা হয়৷ সাধাৰণতে মিউজিয়ামলৈ গ’লে আমি জ্ঞান আৰু সত্য দর্শনৰ সন্ধান পাওঁ৷ ই মানৱ সমাজলৈ ইতিবাচক বার্তা প্রেৰণ কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি চিত্রশিল্পী জ্ঞানেন্দ্র বৰকাকতিয়ে কয়– চিত্রশিল্প আৰু কলাই মানুহৰ সৌন্দর্যবোধৰ পৰিচয় দাঙি ধৰে৷ চিত্রশিল্পক সাহিত্য–সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংগ বুলি অভিহিত কৰি বৰকাকতিয়ে কয় যে দৰাচলতে সৌন্দর্যবোধ আৰু সাধনা মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ৷ ই মানুহৰ আৱেগতো স্থান লাভ কৰিছে৷ তেওঁ লগতে কয়– শিল্প কর্মৰ জৰিয়তে মানৱ সমাজৰ বিশেষ ইতিহাস দাঙি ধৰিব পৰা যায়৷ আমাৰ দেশত বিভিন্ন শিল্পকলাৰ আন্দোলন হৈছিল বুলি উল্লেখ কৰি বৰকাকতিয়ে আৰু কয়– এই সৃষ্টিমূলক ধাৰাসমূহ আগুৱাই লৈ যাব লাগিব৷ অনুষ্ঠানত অংশগ্রহণ কৰি বিশিষ্ট ব্যংগ চিত্রশিল্পী চম্পক বৰবৰাই কয়– মই ভাবিছোঁ এটা বিশেষ কাম কৰিবলৈ যাওঁতে দুজন সাক্ষী লাগে৷ আজি মই এই অনুষ্ঠানটোৰ এজন সামান্য সাক্ষী হ’বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ৷ চিত্রশিল্পই মানুহৰ মনত নতুন আশাৰ সঞ্চাৰ কৰে৷ ইয়াৰ জৰিয়তে নৱপ্রজন্মই বহু কথা শিকিব পাৰে৷
সাধাৰণতে আমাৰ অসমীয়া মানুহৰ সংৰক্ষণ কৰাৰ প্রকৃতি প্রায় নাই৷ এতিয়া আমাৰ চিত্রকলাক সংৰক্ষণৰ বাবে কিছু লোক আগবাঢ়ি আহিব লাগিব৷ তেওঁ নৱপ্রজন্মক চিত্রশিল্পৰ প্রতি আগ্রহী হ’বলৈ আহ্বান জনায়৷ অনুষ্ঠানত বিশিষ্ট কবি ডাঃ প্রয়াগ শইকীয়াই চিত্রশিল্পী সুজিত দাসৰ এনে প্রয়াসৰ শলাগ লৈ কয়– সাংস্কৃতিক ক্ষেত্রত নগাঁও পূর্বৰে পৰা সমৃদ্ধ৷ অপ্রমাদী কবি মাধৱ কন্দলীয়ে নগাঁৱত কবিতাৰ যাত্রা আৰম্ভ কৰিছিল৷ একেদৰে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ ‘চিহ্ণযাত্রা’ৰে নাট্যকলাৰ পাতনি মেলিছিল৷ প্রসংগক্রমে তেওঁ ছবি আৰু কবিতাই আমাক প্রাণ দিয়ে বুলি উল্লেখ কৰি শিল্পী সুজিত দাসে আৰম্ভ কৰা এই প্রচেষ্টা মানুহৰ মাজত বিয়পি পৰিব বুলি আশা প্রকাশ কৰে৷ অনুষ্ঠানত চিত্রশিল্পী সুজিত দাসে নিজৰ জীৱনত বৰেণ্য কেইবাগৰাকী চিত্রশিল্পীৰ প্রভাৱৰ বিষয়ে উল্লেখ কৰি নগাঁও চহৰত পোনপ্রথমবাৰৰ বাবে আৰম্ভ কৰা ‘আর্ট ভিলেজ’খনৰ জৰিয়তে শিল্পীসকলৰ লগতে নতুন চামৰ শিক্ষার্থীসকল উপকৃত হ’ব বুলি আশা প্রকাশ কৰে৷ অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক মুকুট ভূঞা, নগাঁও প্রেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, নৱ কুমাৰ মহন্ত, ভীষ্ম দুর্লভ মহন্ত, প্রভাত বৰা প্রমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে৷