নগাঁৱত ভাৰত বাচাও আন্দোলন
নিয়মীয়া বার্তা, ১০ আগষ্ট : ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ লগত সংগতি ৰাখি আজি নগাঁৱত চিটু আৰু সদৌ অসম নিৰ্মান শ্ৰমিক ইউনিয়নৰ উদ্যোগত ভাৰত বাচাও আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্বাস্থ্য সেৱা সম্পূৰ্ণ বিনামূলীয়া কৰা, ৰেল, বিদ্যুৎ, তেল, কয়লা, প্ৰতিৰক্ষা, বেংক সহ দেশৰ ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ অভিযান বন্ধ কৰা, আঁচনিভূক্ত কৰ্মচাৰী সকলক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়া, ক’ৰ’নাৰ বাবে আয়হীন হোৱা প্ৰতি ব্যক্তিক প্ৰতিমাহে ১০ কেজিকৈ চাউল সহ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা, এনৰেগাৰ অধীনত কাম কৰা শ্ৰমিকক দৈনিক ৬০০ টকা মজুৰী সহ বছৰত ২০০ দিনৰ কাম দিয়া, চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰা, বান খহনীয়াত ক্ষতিগ্ৰস্ত লোকক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু ই আই এ ২০২০ বাতিল কৰাকে ধৰি বিভিন্ন দাবী সমৰ্থনত সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।