নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ত “বর্ধিত শক্তিৰ চাহিদা-নিৰ্বননীকৰণ আৰু জলবায়ু পৰিবৰ্তন” শীর্ষক সজাগতা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নগাঁও জিলাৰ খাগৰিজান মহাবিদ্যালয়ত আজি “বর্ধিত শক্তিৰ চাহিদা-নিৰ্বননীকৰণ আৰু জলবায়ু পৰিবৰ্তন” শীর্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ নাথে কয় – বতৰৰ পৰিবৰ্তন , হাবি – বননিৰ ধংসযজ্ঞ আৰু গোলকীয় উষ্ণতা বৰ্ধনৰ লগে লগে পৃথিৱীখন কেনে এক ভাৰসাম্যহীন অৱস্থালৈ গতি কৰিছে , সেই সম্পর্কে সজাগতা সৃষ্টি কৰাটোৱেই হ’ল অনুষ্ঠানৰ মুখ্য উদ্দেশ্য।এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থাৰ ৰাষ্ট্ৰীয় প্রকল্প সমন্বয়ক দেৱজিত দাসে কয়- মানুহে নিজৰ প্ৰয়োজনত বিভিন্ন ক্ষেত্ৰত শক্তিৰ ব্যাপক ব্যৱহাৰ কৰাৰ ফলস্বৰূপে পৰিৱেশ আৰু প্ৰকৃতি জগতত বিভিন্ন ধৰণে বিৰূপ প্ৰভাৱ পৰিবলৈ ধৰিছে।ইয়াৰ লগে লগে প্রাকৃতিক সম্পদসমূহ ক্রমাগতভাৱে হ্ৰাস পাবলৈ ধৰিছে । যাৰ পৰিপ্ৰেক্ষিতত সমগ্র বিশ্বতে এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি হ’বলৈ গৈ আছে । প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ লগতে পৰিবেশ আৰু প্ৰকৃতি ধংস হোৱা কাৰকসমূহৰ ওপৰত যাতে সকলোৱে সতর্ক দৃষ্টি নিক্ষেপ কৰি আগবাঢ়ে তাৰবাৱে দাসে সকলোকে আহ্বান জনায় ৷
সমগ্ৰ বিশ্বতে এই দিশটোৰ ওপৰত কেনেদৰে পৰিকল্পনা গ্ৰহণ কৰা হৈছে সেই সম্পর্কেও তেওঁ কিছু তথ্য আগবঢ়ায়।সমল ব্যক্তিৰ লগত মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ – ছাত্ৰীৰ এক মত বিনিময় অনুষ্ঠান সম্পন্ন হয় । সভাত খাগৰিজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ জোনাৰাম নাথৰ লগতে মহাবিদ্যালয়ৰসমূহ অধ্যাপক – অধ্যাপিকা আৰু ছাত্ৰ – ছাত্রী উপস্থিত থাকে।অনুষ্ঠানৰ আঁত ধৰে মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা মৈত্রেয়ী দত্তই ।