নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ভূঁঞাপট্টিত ৰাইজে উৎখাত কৰিলে দেহব্যৱসায়ৰ ঘাটি

  •  অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে ৰাইজৰ অভিযান
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: নগাঁও চহৰৰ খুটিকটীয়া এ আৰ বি পথৰ হালধি মিলৰ কাষৰ এটা ভাৰাঘৰত আজি কিছুদিন ধৰি  চলি থকা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে স্থানীয় ৰাইজ সোচ্চাৰ হৈ পৰে।নাৰী দেহৰ ঘাটিত পৰিণত হোৱা এই ভাৰাঘৰটোত চলি থকা অনৈতিক কাম কাজে স্থানীয় লোক সকল অতিষ্ঠ হৈ পৰিছিল।এই সন্দৰ্ভত ঘৰটোৰ মালিকক স্থানীয় লোকে অৱগত কৰিছিল যদিও সাহা উপাধিৰ মালিক জনে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল। সেয়ে স্থানীয় ৰাইজে যোৱা নিশা অভিযান চলাই নাৰী দেহৰ ব্যৱসায়ৰ ঘাটিটো উচ্ছেদ কৰে‌ ।
 ৰাইজে অনৈতিক কাৰ্যত জৰিত দীপ পাল নামৰ এজন যুবকক আটক কৰাৰ লগতে তিনিগৰাকী যুবতীকো আটক কৰে।অৱশ্যে আন তিনিজন যুবক পলাই যাবলৈ সক্ষম হয়।ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।ঘটনাৰ খবৰ পোৱাৰ লগে লগে নগাঁৱৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।লগতে ৰাইজে আটক কৰা যুবক যুবতীকো থানালৈ লৈ আনে। জানিব পৰা মতে  প্ৰায় চাৰিমাহ ধৰি  দীপ পাল নামৰ এজন যুবক ভাৰাতীয়া হিচাবে আছিল। দীপ পালে স্থানীয় লোকৰ অভিযোগ অস্বীকাৰ কৰিছে।
You might also like