নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত কংগ্ৰেছৰ “হাত ছে হাত জোড়ো“ অভিযান

  • “কংগ্ৰেছ জনদৰদী ,বিজেপি বিভাজনকামী”-বিধায়িকা নন্দিতা দাস

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাত আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ “হাত ছে হাত জোড়ো“ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত ছমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে নগৰবেৰাৰ লগতে সমষ্টিটোৰ ভিন্ন প্ৰান্তত সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নেতৃত্বত কংগ্ৰেছৰ এটা বৃহৎ দলে উক্ত কাৰ্যসূচী ৰূপায়ন কৰে ৷ ৰাজপথৰে দলীয় পতাকা, বেনাৰ, প্লেকাৰ্ড, ফেষ্টুন আদি লৈ নগৰবেৰা স্থিত ইন্দিৰা ভৱনৰ পৰা বিভিন্ন শ্ল’গান আওৰাই পদযাত্ৰা কৰি নগৰবেৰা বজাৰৰ পৰা আৰম্ভ কৰি নগৰবেৰাৰ ভিন্ন প্ৰান্তলৈ হাতছে হাত জোড়ো যাত্ৰাৰ জড়িতে কংগ্ৰেছ নেতা- কৰ্মীৰ লগতে সমষ্টিৰ বিধায়িকা নন্দিতা দাসে এক চমক সৃষ্টি কৰিবলৈ সক্ষম হয় ৷

আজিৰ এই কাৰ্যসুচীত সমষ্টিটোৰ সহশ্ৰাধিক কংগ্ৰেছ কৰ্মী, মহিলা কংগ্ৰেছী, যুৱ কংগ্ৰেছীয়ে সহযোগ কৰে ৷ উক্ত কাৰ্যসূচীৰ আৰম্ভণিতে ইন্দিৰা ভৱন প্ৰাংগণত কংগ্ৰেছৰ এক দলীয় সভাত উপস্থিত থাকি ৰাইজক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে কয়-বৰ্তমানৰ বিজেপি চৰকাৰে কোনোধৰণৰ উন্নয়নমূলক কাম কৰা নাই, যিবোৰ উন্নয়ন মূলক কাম দেশত বা ৰাজ্যত হৈছে সেইবোৰ কংগ্ৰেছৰ কাম আছিল ৷ বিজেপিয়ে কেৱল নাম পৰিৱৰ্তন কৰি সেই একে আঁচনি ৰূপায়ণ কৰি চকম সৃষ্টি কৰিছে ৷ খাদ্য সুৰক্ষা আইন কংগ্ৰেছে প্ৰৱৰ্তন কৰিছে, বিশুদ্ধ খোৱাপানী কংগ্ৰেছে আৰম্ভ কৰিছে, স্বাস্থ্য খণ্ডত আশা কৰ্মী-ছুপাৰভাইজাৰ সকলে চাকৰি পাইছে, গাওঁ-ভূঁয়ে স্বাস্থ্য কেন্দ্ৰ হল এই সকলো কাম কংগ্ৰেছে আৰম্ভ কৰিছিল ৷ শিক্ষা, স্বাস্থ্য, খাদ্য আদি কৰি প্ৰতিটো বিভাগৰে কাম কংগ্ৰেছে হে আৰম্ভ কৰিছিল ৷ পৰিৱৰ্তনৰ সূচনা কংগ্ৰেছে কৰিছিল বুলি দাবী কৰি আৰু কয় নতুনকৈ বিজেপি চৰকাৰে এটাও ভাল কাম কৰিব নোৱাৰিলে ৷ যদিও কিছু কাম কৰিছে সেই কামৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰ ৰাইজৰ একো উপকাৰ নহল ৷ বিজেপিয়ে কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰে ,জাতি-ধৰ্ম বিশেষে মানুহক ভাগ ভাগ কৰি ৰাখে ৷ গতিকে বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰাৰ আগতে লাজ পাৱ লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে বিধায়িকা গৰাকীয়ে ৷

 

 প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা

You might also like