নগৰবেৰাৰ ভখুৰাদিয়াত নিশা বিয়াত অঘটন: মুখত স্প্ৰে’ মৰাক লৈ দ’ৰা-কইনা পক্ষৰ মাৰপিট
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ভখুৰাদিয়াত সোমবাৰৰ নিশা ভযংকৰ মাৰপিট সংঘটিত হয় | দৰাপক্ষ আৰু কইনাপক্ষৰ মাজত স্ন’-স্প্ৰে’ মৰাক কেন্দ্ৰ কৰি মাৰপিট ,কইনা পক্ষৰ আক্ৰমণত দ’ৰা পক্ষৰ ছজনকৈ লোক ধৰাশায়ী |ভখুৰাদিয়াত কইনাঘৰৰ চোতালত দ’ৰাপক্ষৰ লোক উপস্থিত হোৱা মাত্ৰেই মুখমণ্ডলত স্প্ৰে’ মৰাৰ প্ৰতিযোগিতা চলে দুয়ো পক্ষৰ মাজত আৰু পাছলৈ ঠেলা-হেঁচা হয় |তাকে লৈ কইনাপক্ষৰ লোকে হাতত লাঠি-টাঙোন লৈ দ’ৰাপক্ষৰ কেবাজনকো অতি বেয়াকৈ প্ৰহাৰ কৰে |এই ঘটনাত দ’ৰাপক্ষৰ ছজনকৈ বিবাহযাত্ৰী আহত হৈ নিশাৰ ভাগতেই চিকিৎসাধীন হ’ব লগীয়া হয় ,ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পে |বিয়াৰ দৰে মাংগলিক কাৰ্যসূচীত এনে অঘটনৰ খৱৰে সকলোকে হতচকিত কৰিছে।
@ প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা