নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱৰ তাৰিখ সলনি
নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ: পশ্চিম কামৰূপৰ নগৰবেৰাস্থ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপনৰ তাৰিখ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষা সূত্ৰেই এমাহ পিছুৱাই দিয়া হয় | ১৯৭২ চনতে প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠান খনৰ সোণালী জয়ন্তী মহোৎসৱ পূৰ্বতে চলিত বৰ্ষৰ শেষৰ ফালে ২৩,২৪ আৰু ২৫ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও উক্ত সময়চোৱাত গুৱাহাটী বিশ্ব বিদ্যালয়ে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ দিন ধাৰ্য কৰাৰ বাবেই তিনিদিনীয়াকৈ আয়োজন কৰিবলগীয়া মহোৎসৱৰ তাৰিখ নৱবৰ্ষ অৰ্থাৎ ২০২৩ চনৰ ২৩,২৪ আৰু ২৫ জানুৱাৰীতহে আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় |তাৰিখ সলনি কৰাৰ উদ্দেশ্যে আজি মহাবিদ্যালয় চেমিনাৰ হ’লত মহাবিদ্যালয় পৰিচালনা ও উন্নয়ন সমিতি তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াৰ পৌৰহিত্যত এক কাৰ্যকৰী সভা সম্পন্ন হয় ,মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক ড° কমল পাঠকে উদ্দেশ্য বাখ্যা কৰা সভাত নগৰবেৰা আঞ্চলিক মৌজা কমিতিৰ সভাপতি উদয় শংকৰ মেধি ,সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মদন চন্দ্ৰ পাঠক আদিকে প্ৰমুখ্য কৰি কাৰ্যকৰী সমিতিৰ বিষয়ববীয়া ,সদস্য-সদস্যা সকল উপস্থিত থাকে |আজিৰ সভাৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ২০২৩ বৰ্ষৰ ক্ৰমে-২৩,২৪ আৰু ২৫ জানুৱাৰীত তিনিদিনীয়াকৈ মহাবিদ্যালয় খনৰ সোণালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় | উদযাপন সমিতিয়ে সংশ্লিষ্ট সকলোকে উল্লেখিত তিনিও দিনৰ কাৰ্যসূচীত উপস্থিত থাকি কাৰ্যসূচী সফলকাম কৰিবলৈ আহ্বান জনাইছে |
@প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা