নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন একাউণ্ট খুলি নির্বাচনী লেনদেন কৰিব লাগিব প্রার্থীয়ে

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ  বিধানসভা নির্বাচনত প্রার্থীসকলে মনোনয়ন পত্র কিদৰে দাখিল কৰিব লাগিব সেই সম্পর্কে ৰাজনৈতিক দলসমূহক অৱগত কৰাৰ উদ্দেশ্যে বৰপেটা জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত মুনীন্দ্র শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ সকলো প্রধান ৰাজনৈতিক দলৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ সভাত উপায়ুক্তগৰাকীয়ে কয় যে প্রতিজন প্রার্থীয়ে অহা ১১ মার্চৰ ভিতৰত নির্বাচনী ব্যয়ৰ বাবে নতুনকৈ বেংক একাউণ্ট এটা খুলিব লাগিব আৰু সকলো নির্বাচনী ব্যয় সেই একাউণ্টৰ পৰাই বহন কৰিব লাগিব৷ উপায়ুক্তগৰাকীয়ে নির্বাচন সুকলমে সম্পন্ন কৰাৰ ক্ষেত্রত সকলো ৰাজনৈতিক দলৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে৷

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই জনোৱা মতে, সভাত আগন্তুক নির্বাচনত এজন প্রার্থীয়ে পালন কৰিবলগীয়া সকলো বিধি–বিধানৰ বিষয়ে পাৱাৰ পইণ্ট প্রেজেণ্টেচনৰ দ্বাৰা অৱগত কৰোৱা হয়৷ সেই অনুসৰি এজন প্রার্থীয়ে সর্বাধিক ৩০.৮০ লাখ টকা ব্যয় কৰিব পাৰিব৷ সকলো প্রার্থীয়ে নিজৰ অপৰাধজনিত গোচৰৰ তথ্য বাতৰিকাকতযোগে ৰাজহুৱা কৰিব লাগিব৷ উপায়ুক্ত কার্যালয়ৰ এশ মিটাৰৰ ভিতৰত কোনো প্রার্থীয়ে সমদল কৰি যাব নোৱাৰিব৷ সভাত ভাৰতীয় জনতা পার্টী, ভাৰতীয় জাতীয় কংগ্রেছ, অসম গণ পৰিষদ, ভাৰতীয় কমিউনিষ্ট পার্টী (মার্ক্সবাদী), বডোলেণ্ড পিপল্ছ পার্টী, এ আই ইউ ডি এফ আদি দলৰ প্রতিনিধিসকল উপস্থিত থাকে৷

You might also like